/asomiyapratidin/media/media_files/2025/07/05/rfrf-2025-07-05-11-16-42.jpg)
ডিজিটেল ডেস্কঃ পংকজ পাঠকৰ প্ৰতিটো কেম্পতে ভিৰ কৰিছিল হাজাৰ হাজাৰ তপা লোকে। তপাৰ মূৰত চুলি গজোৱাৰ অপাৰ আশা লৈ পুৱতি নিশাৰে পৰা লাইন ধৰিছিলহি সহস্ৰাধিক লোকে। কিন্তু এই সকলো লোকৰ আশাত চেচাঁপানী ঢালি পংকজ পাঠকে কৰিলে এটা বিশেষ ঘোষণা।
সামাজিক মাধ্যমত পংকজ পাঠকে ঘোষণা কৰিলে যে, চুলি গজোৱাৰ বাবে তেওঁ যি কেম্প কৰিছিল সেই কেম্প আৰু নকৰে । তীব্ৰভাৱে মানসিক অশান্তিত ভুগিছে তেওঁ। যাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজক তেওঁ আহ্বান জনাইছে যে, এই মানসিক অৱস্থাৰ কাৰণ তেওঁলোকে নিশ্চয় বুজি পাব।
সামাজিক মাধ্যমত পংকজ পাঠকে লিখিছে এনেদৰে- তীব্ৰ মানসিক অশান্তিত ভুগিছো । ৰাজহুৱা সভা কৰিবলৈ মোৰ শক্তি নোহোৱা হৈ গৈছে । সেয়েহে আগন্তুক সকলো প্ৰকাৰৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকি গুৰুৰ ওচৰত আশ্ৰয় লম বুলি ভাৱিছো । আপোনালোকে হয়তো মোৰ মানসিক অৱস্থাটোৰ কথা বুজি পাব । বহুত সোনকালে আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম ।
উল্লেখ কৰা প্ৰয়োজন যে, গোৱালপাৰাত সংঘটিত হোৱাৰ ঘটনাৰ পাছতে পংকজ পাঠকক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ ফলত হয়তো পংকজ পাঠকে গ্ৰহণ কৰিছে এনে সিদ্ধান্ত।