একতা আৰু ভোটাৰৰ মাজত সজাগতাৰ শ্ল’গান লৈ ধুবুৰী পালেহি পঞ্জাৱৰ ধৰ্মীয় পৰ্যটক…

একতা আৰু ভোটাৰৰ মাজত সজাগতাৰ শ্ল’গান লৈ ধুবুৰী পালেহি পঞ্জাৱৰ ধৰ্মীয় পৰ্যটক…

ডিজিটেল সংবাদ, ধুবুৰীঃ  ধৰ্ম নিৰপেক্ষ দেশত হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, বৌদ্ধ আদি সকলো জাতি ধৰ্ম বৰ্ণৰ লোকসকলে যাতে একতাৰ বন্ধত বান্ধ খাই শান্তি সম্প্ৰীতিৰ মাজেৰে দেশ খনক আগুৱাই নিয়াৰ লগতে দেশৰ সাধাৰণ নিৰ্বাচনত যাতে প্ৰতিগৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ দৰে এক গুৰুত্বপূৰ্ণ শ্ল'গান লৈ পঞ্জাৱৰ পৰা এগৰাকী ধৰ্মীয় পৰ্যটক আহি উপস্থিত হৈছে ধুবুৰীত।

উল্লেখযোগ্য যে, একতাৰ লগতে ভোটাৰ সকলৰ মাজত সজাগতা আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিভিন্ন জনে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰি অহা দেখা গৈছে। পিছে এগৰাকী ব্যতিক্ৰমী সজাগতাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে পঞ্জাৱৰ ধৰ্মীয় পৰ্যটকগৰাকীয়ে। দৰাচলতে পঞ্জাৱৰ অনন্তপুৰ ৰূপ নগৰৰ চৰ্দাৰ উমাহ শংকা সিঙৰ পুত্ৰ যজবীৰ সিং খালছা নামৰ শিখ ধৰ্মীয় পৰ্যটক জনে ছমাহমান পূৰ্বে ঘৰৰ পৰা ওলাইছে। কেৱল এখন চাইকেল লৈ ঘৰৰ পৰা ওলোৱা এই পৰ্য্যটক জনৰ এটাই শ্লোগান একতা আৰু ভোটাৰ মাজত সজাগতা অনা। বাটে ঘটে লগ পোৱা লোক সকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ উপৰি এজন যোগ্য সাংসদ নিৰ্বাচন কৰাৰ বাবে আহ্বান জনায় পৰ্যটক জনে ।

নিৰ্বাচনৰ ৬ মাহ পূৰ্বে ঘৰৰ পৰা এনে এক গুৰুত্বপূৰ্ণ শ্ল'গান লৈ দেশ তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰি ধুবুৰীত উপস্থিত হয় এইগৰাকী পঞ্জাৱৰ শিখ ধৰ্মীয় পৰ্যটক গৰাকীয়ে। ধৰ্মীয় পৰ্যটক গৰাকীৰ ভোটাৰ সকলৰ মাজত উৎসাহ আৰু সজাগতাৰ লগতে একতাৰ শ্ল'গান নিশ্চয়কৈ শলাগ ল'বলগীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in