চিন্তামণিগড়ৰ প্ৰতিভাৱান ছাত্ৰী পঞ্চী ৰাজখোৱাৰ কবিতা পুথি উন্মোচন, শিশু সাহিত্যিক বন্দিতা ফুকনে উন্মোচন কৰিলে ‘অকণিৰ কবিতা’

চিন্তামণিগড়ৰ প্ৰতিভাৱান ছাত্ৰী পঞ্চী ৰাজখোৱাৰ কবিতা পুথি উন্মোচন, শিশু সাহিত্যিক বন্দিতা ফুকনে উন্মোচন কৰিলে ‘অকণিৰ কবিতা’

ডিজিটেল সংবাদ, টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত প্ৰতিভাৱান ছাত্ৰী পঞ্চী ৰাজখোৱাৰ প্ৰথমখনি কবিতা পুথি 'অকণিৰ কবিতা' দেওবাৰে গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সপ্তম ৰাজ্যিক শিশু সমাৰোহত উন্মোচন হয়। সৰুৰে পৰা হাতত কলম তুলি লৈ বিভিন্ন কবিতা, গল্প আদি ৰচনাত মনোনিৱেশ কৰা চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা সমাজসেৱক প্ৰদীপ ৰাজখোৱা আৰু দীক্ষাজ্যোতি ৰাজখোৱাৰ কন্যা পঞ্চী ৰাজখোৱাৰ এই কবিতা পুথিখনি উন্মাচন কৰে বিশিষ্ট শিশু সাহিত্যিক তথা শিশু আলোচনী 'হিয়াৰ ৰামধেনু'ৰ মুখ্য সম্পাদক বন্দিতা ফুকনে।

সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'গতি অসম'ৰ উদ্যোগত অনুষ্ঠিত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াই উদ্বোধন কৰা সপ্তম ৰাজ্যিক শিশু সমাৰোহত উন্মোচিত কবিতা পুথিখনি গুৱাহাটীৰ চিন্তামণি প্ৰকাশনে প্ৰকাশ কৰিছে। ইতিমধ্যে বিভিন্ন কাকত-আলোচনীত কবিতা প্ৰকাশ পোৱা শিশু ছাত্ৰী পঞ্চী ৰাজখোৱাই সাহিত্যক্ষেত্ৰখনৰ লগতে কবিতা আবৃত্তি আৰু সংগীতৰ ক্ষেত্ৰখনতো বিশেষ প্ৰতিভাৰে উজ্বলিবলৈ সক্ষম হৈছে।

শিশু ছাত্ৰীগৰাকীৰ প্ৰথমখনি কবিতা পুথিৰ উন্মোচনৰ ক্ষণত ৰাজ্যখনৰ বিশিষ্ট বুদ্ধিজীৱী দেবেন দত্ত, ৰংমেলা আলোচনীৰ সম্পাদক অৰুণ ভাগৱতী, হিয়াৰ ৰামধেনু আলোচনীৰ সম্পাদক অনুভৱ পৰাশৰ, চিন্তামণিগড় সৃষ্টি প্ৰগতি চ'ৰাৰ সভাপতি-সম্পাদক বসন্ত বৰুৱা আৰু দিগন্ত চাংমাই, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, চিন্তামণি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক প্ৰাঞ্জল ৰাজখোৱা, লাহোৱাল প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ সম্পাদক মৃগেন দত্ত, চিন্তামণিগড় কেৰম সন্থা, চিন্তামণিগড় মধ্য ইংৰাজী বিদ্যালয় আৰু কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবৃন্দৰ লগতে বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উজ্জ্বল ভৱিষ্যৎ কামনাৰে অভিনন্দন জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in