পশ্চিম গোৱালপাৰাত ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ…

পশ্চিম গোৱালপাৰাত ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ…

ডিজিটেল সংবাদ, গোৱালপাৰা: 'অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অশনি সংকট কঢ়িয়াই অনাৰ লগতে দেশৰ সংবিধানক পদাঘাত কৰা নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি বিদ্ৰোহৰ দাবানল উঠিছে।আবাল,বৃদ্ধ, বনিতা,শিল্পী,সাংবাদিক,বুদ্ধিজীৱী,বিভিন্ন জাতীয় দল- সংগঠন আদিকে ধৰি সৰ্বস্তৰৰ ৰাইজে এই আইনৰ বিৰুদ্ধে ৰাজপথে ৰাজপথে ব্ৰজনিনাদ কৰিছে।কিন্তু এই ব্ৰজ নিনাদিত ৰাইজৰ কণ্ঠক ৰুদ্ধ কৰিবলৈ চৰকাৰে নানা চক্ৰান্ত ৰচনা কৰিছে।আৰু ইয়াৰ বাবে অকল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক লক্ষ্য কৰি লৈছে।

মনেসজা ভুৱা গোচৰ জাপি দি ইজনৰ পিছত সিজন কৃষক-ছাত্ৰ মুক্তিৰ নেতাক কাৰাৰুদ্ধ কৰি ৰাখিছে ।জাতীয় স্বাৰ্থত দিন ৰাতি একাকাৰ কৰা কৃষক নেতা অখিল গগৈক মাওবাদী সজাই দেশদ্ৰোহী সজাইছে।।কাৰাৰুদ্ধ নেতা-কৰ্মীসকলক মুকলি কৰিবলৈ বাৰম্বাৰ চৰকাৰক ৰাইজে দাবী জনাই অহা সত্বেও চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

চৰকাৰৰ এই ফেচিষ্ট চৰিত্ৰক ইতিহাসে কেতিয়াও ক্ষমা নকৰে'- এই মন্তব্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি আশ্রাফুল ইছলামৰ। নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৃষক নেতা অখিল গগৈসহ আন আন কাৰাৰুদ্ধ কা বিৰোধী নেতাসকলক মুক্তিৰ দাবীত পশ্চিম গোৱালপাৰাৰ শাকতোলাত বুধবাৰে অনুষ্ঠিত হোৱা বিশাল গণ সমাবেশত বিশিষ্ট অতিথি হিচাপে অংশ লৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ছাত্ৰনেতাজনে।

তেওঁ আৰু কয় যে কৃষক-ছাত্ৰ মুক্তি বিজেপি চৰকাৰ বা নৰেন্দ্ৰ মোডীৰ বিৰোধী নহয়,সংবিধান বিৰোধী নাগৰিকত্ব সংশোধনী আইনখনৰ হে বিৰোধী।অসমৰ ৰাইজে এই ক'লা আইন যে কেতিয়াও মানি নলয় সেয়া স্পষ্ট।সেই কথা নৰেন্দ্ৰ মোডী আৰু সৰ্ব্বানন্দ সোনোৱালৰ বিজেপি চৰকাৰে বুজা উচিত। আইনখনে যদি ইমানেই ভাল তেন্তে আইনখনৰ সমৰ্থনত বিজেপিয়ে ঘৰে ঘৰে কিয় যাব লগা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰি ক'লা আইনখন বাতিলৰ লগতে অখিল গগৈসহ সকলো কাৰাৰুদ্ধ নেতা-কৰ্মীক বিনাচৰ্তে মুক্তিৰ দাবী জনায় ছাত্ৰ নেতাজনে।

উল্লেখ্য যে শাকতোলা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু স্থানীয় প্ৰতিবাদী ৰাইজৰ সহযোগত বুধবাৰে দিনৰ দুই বজাত অনুষ্ঠিত বিশাল গণ সমাবেশত সহস্ৰাধিক ৰাইজে কা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈসহ কা বিৰোধী সকলো কাৰাৰুদ্ধ নেতা-কৰ্মীসকলক মুকলি কৰিবলৈ একেমুখে দাবী জনাই বিভিন্ন শ্ল'গান দিয়ে।কা আমি নামানো,কা বাতিল কৰক সংবিধান বচাওক,অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক,বিজেপি চৰকাৰ হায় হায়,ইনক্লাব জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে গণসমাবেশ মুখৰিত কৰি তোলে।

গণ সমাবেশত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা গোৱালপাৰা জিলা সভাপতি আমিনুল হক, জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা যুটীয়া সাধাৰণ সম্পাদক জাকিৰ হুছেইন, জিলা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক আহমেদ আলী জিন্না, সহকাৰী সম্পাদক জাহিদুল ইছলাম প্ৰমুখ্যে স্থানীয় বিশিষ্ট ব্যক্তিসকলে কা বাতিলৰ দাবী জনাই অখিল গগৈক মুক্তিৰ দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in