‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিকক তিতকুছি গাঁওপঞ্চায়তৰ আঞ্চলিক সদস্য জোনদেৱৰ ভাবুকি, বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ

ডিজিটেল সংবাদ, দুমুনিচকীঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এতিয়া দুৰ্নীতিয়েই নীতিত পৰিণত হৈছে। বিশেষকৈ গ্ৰামোন্যয়ন আৰু পঞ্চায়ত বিভাগত উক্ত দুৰ্নীতিৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি হ'বলৈ ধৰিছে। উল্লেখ্য যে, আবন্টিত আঁচনি ৰূপায়ণ কৰা কাৰ্য্যক কেৱল ধন লুন্ঠনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ লোৱা কমলপুৰ সমষ্টিৰ তিতকুছি গাঁওপঞ্চায়তত বিগত বৰ্ষৰ পৰা নিৰ্মীয়মান অবস্থাত থকা কেইবাটাও আঁচনিৰ কাম অসম্পূৰ্ণ হৈ থকাত ধাৰাবাহিক ভাৱে 'অসমীয়া প্ৰতিদিনট কাকতত বাতৰি প্ৰকাশ হৈছিল। সেয়াই যেন অপৰাধ হ'ল 'অসমীয়া প্ৰতিদিন' কাকতৰ স্থানীয় সাংবাদিক চালেহউদ্দিন চৌধুৰীৰ।

ফলস্বৰূপে প্ৰথমে ৯১০১৩৩৫১৬১ নম্বৰ ফোনযোগে সংবাদকৰ্মীজনক দ্বিতীয়বাৰ বাতৰি প্ৰকাশ হ'লে জীয়াই থাকিব নোৱাৰিবি বুলি প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰা জোনদেৱ চৌধুৰীয়ে পুনৰ সাংবাদিক গৰাকীক আক্ৰমণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি বুধবাৰে পঞ্চায়ত কাৰ্যালয়ত গাঁওসভা অনুষ্ঠিত হোৱাত সাংবাদিক চৌধুৰীয়ে সংবাদ সংগ্ৰহৰ উদ্দেশ্যে পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয়। পঞ্চায়ত সভানেত্ৰী সংগীতা গোস্বামীয়ে সভা ভংগ হোৱা বুলি ঘোষণা কৰাৰ পিছত সংবাদ কৰ্মী চৌধুৰীয়ে গাঁওসভাত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহৰ বিষয়ে জানিব বিচৰাত গাঁওপঞ্চায়তখনৰ আঞ্চলিক পঞ্চায়তৰ সদস্য জোনদেৱে কোনো কথাৰ অৱতাৰণা নকৰি 'গাঁও পঞ্চায়তৰ নিউজ কিয় কৰি আছা' বুলি সাংবাদিক গৰাকীলৈ চোছা লয়। আৰু পূৰ্বেও নিউজ কৰিবলৈ মানা কৰাৰ পিছতো অশ্লীল শব্দ প্ৰয়োগ কৰি আজি আকৌ কি জানিব বিচাৰিছা আদি কৈ সাংবাদিকগৰাকীক প্ৰহাৰ কৰে।

তেনে সময়তে সভাত উপস্থিত লোকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। উল্লেখ্য যে, নিজকে মন্ত্ৰী ভবেশ কলিতাৰ সোহাত স্বৰূপ বুলি কৈ ফুৰা, চাকৰি দিয়াৰ প্ৰলোভন দেখুওৱা আদিকে ধৰি বিভিন্ন অভিযোগ সততে উত্থাপিত হৈ অহা এইগৰাকী জোনদেৱৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে স্থানীয় সচেতন পঞ্চায়তবাঁসী ৰাইজ। অবশ্যে ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in