নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি-অৱস্থান ধৰ্মঘট…

নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি-অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ নগৰবেৰাঃ বিভিন্ন প্ৰান্তৰ লগতে নগৰবেৰাৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ অন্তৰ্গত পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তি কৰ্মচাৰী সকলেও তেওলোকৰ বিভিন্ন দাবীত উন্নয়ন খণ্ড প্ৰাংগণত আজিৰে পৰা আৰম্ভ কৰিছে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

উল্লেখ্য যে পঞ্চায়ত কৰ্মচাৰী সকলে বিভিন্ন চৰকাৰী চাকৰিৰ তুলনাত তেওঁলোকে অসম চৰকাৰৰ পৰা সম মৰ্যাদা নোপোৱাৰ বাবে কৰ্মচাৰী সকলে ক্ৰমে ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীৰ সম কামৰ সম বেতন নীতি প্ৰযোজ্য কৰা, সকলো কৰ্মচাৰীৰ আৰ অ পি ( ROP) ব্যৱস্থা কৰা, চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদি বিভিন্ন দাবীৰে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা ঠিকা ভিত্তিক কৰ্মচাৰী সকলে তেওলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in