এদিন-দুদিন নহয়, ৭ বছৰ মোৰ লগত এনে হৈছিল…

এদিন-দুদিন নহয়, ৭ বছৰ মোৰ লগত এনে হৈছিল…

পলাশজ্যোতি গগৈ

উচ্চতৰ মাধ্যমিক অধ্যয়ন কৰি থকা এই ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা মানুহবোৰ কোনো অপৰিচিত লোক নহয়। প্ৰথমে জেঠুৱেকে নিৰ্যাতন চলাইছিল এই ছাত্ৰীগৰাকীক। তেতিয়া বয়স আছিল তেওঁৰ সৰু। লাহে লাহে তেওঁৰ সৈতে কি হৈছিল বুজি পোৱা হৈছিল।

আত্মীয়ৰ হাতত নিৰ্যাতনৰ বলি হোৱা এই কিশোৰীগৰাকীয়ে তেওঁৰ এই নিৰ্যাতনৰ কথা ক'বলৈ কোনো নাছিল। মনৰ ভিতৰতে গুজৰি-গুমৰি আছিল তাই। কিন্তু কোৱা মানুহ নাছিল। তথাপিও, জেঠায়েকক এই সন্দৰ্ভত কৈছিল ছাত্ৰীগৰাকীয়ে। তাৰপাছতেই ছাত্ৰীগৰাকীক লৈ সেই পৰিয়ালটোৰ মাজত হৈছিল সংঘাত।

সৰুতে পিতৃহাৰা হোৱা এই যুৱতীগৰাকীৰ সৈতে কি হ'ল সেয়া পুনৰ দোহাৰিব বিচৰা নাই। কিন্তু নহ'ব লগা এই ঘটনাই কিশোৰীগৰাকীক যে যোৱা কিছুদিন ধৰি মানসিক পিড়া দি আছিল সেয়া নিশ্চিত। আত্মীয় বা আশ্ৰয় লৈ থকা পৰিয়ালৰ আগত সেই কথা ক'ব নোৱাৰি বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আগত এই কথা কৈছিল ছাত্ৰীগৰাকীয়ে।

গুৱাহাটী মহানগৰীত সংঘটিত এই কাণ্ডই পুনৰ প্ৰতিয়মান কৰিলে- ঘৰৰ বুলি ভবা কিছু পুৰুষৰ ওচৰতো সুৰক্ষিত নহয় কিশোৰী-যুৱতী।পুৰুষতান্ত্ৰিক এই সমাজখনত যেন নাৰী এক ভোগৰহে সামগ্ৰী। সেই দৃষ্টিকোণেৰেই এইগৰাকী ছাত্ৰীক যোৱা ৭ বছৰ ধৰি এজন দুজন নহয়, তিনিজনকৈ লোকে (তাকো পৰিয়ালৰ) যৌন নিৰ্যাতন চলালে।

সহ্য কৰাৰ বাদে যোৱা ৭ টা বছৰত প্ৰতিবাদ কৰিবলৈ বা ইয়াৰ বিৰোধিতা কৰিবলৈ কোনো সুযোগ পোৱা নাছিল ছাত্ৰীগৰাকীয়ে। উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰি থকা সেই ছাত্ৰীগৰাকী এনে অন্ধকাৰৰ কাহিনী তেওঁ অধ্যয়ন কৰি থকা বিদ্যালয়খনৰ শিক্ষয়িত্ৰীগৰাকীক কোৱাৰ পাছতহে পোহৰলৈ আহিল।

তাৰপাছত বিদ্যালয়খনৰ পৰা পৰিয়ালৰ লোক আহি এক প্ৰকাৰৰ জোৰ কৰি লৈ যোৱা হৈছিল ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীৰ সৈতে হোৱা এই দুৰ্ভাগ্যজনক ঘটনা পমখেদি পোহৰলৈ অহা তথ্যসমূহ হ'ল- প্ৰথমে জেঠুৱেকে তাৰপাছত খুড়াকে আৰু খুড়াকৰ এজন পুত্ৰই তেওঁৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল।

অৰ্থাৎ তিনিজন আত্মীয়ই এই কিশোৰীগৰাকীক লক্ষ্য কৰি লৈছিল। ছাত্ৰীগৰাকীৰ বিষয়ে জানিব পাৰি পাণবজাৰ মহিলা আৰক্ষী থানাত ২০ ছেপ্টেম্বৰ ২০১৯ত এখন এজাহাৰ দাখিল কৰিছিল গৌতম শৰ্মাই । জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে বিশেষ সূত্ৰৰ পৰা এই বিষয়ে জানি সৰুতে পিতৃহাৰা হোৱা কিশোৰীগৰাকীৰ সন্দৰ্ভত পোহৰলৈ অহা তথ্য আৰক্ষীক দৃষ্টিগোচৰ কৰিছিল।

পিতৃহাৰা এই কিশোৰীগৰাকীৰ মাতৃ বেলেগৰ লগত বিয়া হৈ গৈছিল। অসম আৰক্ষীত কৰ্মৰত এগৰাকী আত্মীয়ৰ ঘৰলৈ তেওঁক লৈ অহা হৈছিল যদিও, সেই ঘৰতে তেওঁ নিৰ্যাতনৰ বলি হয়। নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে আনকি সেইবোৰৰ পৰা ৰক্ষা পাবলৈ বান্ধৱীৰ ঘৰতো আশ্ৰয় ল'ব লগা হৈছিল।

ছাত্ৰীগৰাকীক নিবলৈ খুড়াক আহিছিল যদিও, জেঠুৱেকৰ নিৰ্যাতনৰ বলি হৈ খুড়াকৰ ঘৰত কিছুদিন থকা কিশোৰীগৰাকীয়ে তেওঁ অনুৰূপ নিৰ্যাতন চলোৱা বুলি অভিযোগ তোলে। এয়া এক সাধাৰণ ঘটনা নহয়। এই এজাহাৰ দাখিলৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই জেঠায়েক আৰু খুড়াকক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এতিয়া আন এজন যৌন নিৰ্যাতন চলোৱা যুৱক অৰ্থাৎ খুড়াকৰ পুত্ৰ পলাই আছে।

যদি পৰিস্থিতি এনেই হয়, তেনেহ'লে নাৰীৰ নিৰাপত্তা ক'ত? আত্মীয়ৰ হাততে নাৰী আজি নিৰাপদ নহয়। কেৱল আইন প্ৰণয়ন কৰিলেই নাৰী সুৰক্ষা নহয় তাৰ প্ৰমাণ এই ঘটনা । অজ্ঞাত বা অচিনাকি লোকৰ হাতত নিৰ্যাতনৰ বলি হোৱা ঘটনা প্ৰায়ে ঘটি থাকে। কিন্তু অজ্ঞাত বা অচিন লোকতকৈ পৰিয়ালৰ লোকৰ হাতত অধিকসংখ্যক কিশোৰী বা ছোৱালী নিৰ্যাতনৰ বলি হয়।

এইবোৰ ঘটনা বিভিন্ন কাৰণত পোহৰলৈ নাহে। এই ঘটনা পোহৰলৈ অহাৰ পাছত তেনে এক ছবিৰ প্ৰতি মানুহৰ থকা ধাৰণা অধিক গ্ৰাহ হ'বলৈ ধৰিছে। বিভিন্ন সময়ত এনে কথা শুনিবলৈ পোৱা যায় যে, বাহিৰতকৈ ঘৰৰ ভিতৰত ছোৱালী বেছি যৌন নিৰ্যাতনৰ বলি হয়।

যৌন নিৰ্যাতন বা নাৰী নিৰ্যাতনৰ ঘটনা এক ডাঙৰ সমস্যা হৈ পৰিছে। এই ধৰণৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ হ'লে কঠোৰ আইনৰ লগতে এক বাস্তৱমুখী চিন্তা-চেতনাৰে সামাজিক আৰু মানসিক দৃষ্টিভংগীৰ উত্তৰণৰ প্ৰয়োজন হৈছে।

লাভ জেহাদৰ লগতে এনেবোৰ দুৰ্ভাগ্যজনক ঘটনাৰ লগতে এতিয়া সকলোৱে জনমত গঠন কৰাৰ সময়। এই ছাত্ৰীগৰাকীৰ ভৱিষ্যৎ কি হ'ব তাক লৈও চিন্তা-চৰ্চাৰে এক সঠিক মৰ্যাদাবোধ জীৱনৰ বাবে চৰকাৰেও তেওঁৰ প্ৰতি কৰণীয় আছে।

এই লেখাত ছাত্ৰীগৰাকীৰ পৰিচয় লুকুৱাই ৰখা হৈছে। কিন্তু একেদৰে তেওঁৰ আত্মীয়ৰ পৰিচয়ো এবাৰো ইয়াত উল্লেখ কৰা হোৱা নাই। কিয়নো এই ঘটনাৰ অপৰাধীক আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁলোকৰ উচিত আৰু কঠোৰ শাস্তি হ'ব লাগে। সমান্তৰালভাৱে এইদৰে সাহসেৰে দীৰ্ঘদিনৰ বিৰতিৰ মূৰত নিজৰ সৈতে হৈ থকা এনে দুৰ্ভাগ্যজনক কাণ্ডক প্ৰতিবাদ কৰা ছাত্ৰীগৰাকীৰ প্ৰতি যাতে কাৰোৰে পুতৌসুচক সহানুভূতি জন্ম নহয়।

পৰিৱেশ-পৰিস্থিতিত পৰি ছাত্ৰীগৰাকীয়ে যি অভিজ্ঞতাৰ সন্মুখীন হ'ল, সেইবোৰৰ পৰা মুক্ত হৈ পুনৰ এক সাৱলীল জীৱনেৰে অধ্যয়নত মনোনিবেশ হ'ব পৰাকৈ তেওঁক সকলো ধৰণৰ সুবিধা, মানসিক সমৰ্থন দিয়াটো প্ৰয়োজন।

এই ঘটনা কেতিয়াও সাধাৰণ ঘটনা হ'ব নোৱাৰে। যৌন নিৰ্যাতনৰ আন ঘটনাবোৰৰ দৰেই এই ঘটনা অতি কৰুণ। তাতে নিজ আত্মীয়ৰ হাতত এনেদৰে নিৰ্যাতনৰ বলি হোৱা এগৰাকী ছাত্ৰীয়ে কিমান অপদস্থ আৰু নিৰ্যাতনৰ পাছত মুখ খুলিবলৈ বাধ্য হৈছে সেই কথা সকলোৱে অনুভৱ কৰা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in