কিয় হঠাৎ অসাৰ হৈ পৰিব আপোনাৰ পেন কাৰ্ড!

কিয় হঠাৎ অসাৰ হৈ পৰিব আপোনাৰ পেন কাৰ্ড!

ডিজিটেল ডেস্কঃ আপোনাৰ পেনকাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিলেনে? যদি কৰা নাই তেন্তে এতিয়া আপুনি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। ইনকম টেক্সৰ ধাৰা নং ১৩৯ (এ এ) আধাৰত আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত নকৰা আপোনাৰ পেনকাৰ্ড খনক বৈধ হিচাপে গণ্য নকৰে দেশৰ আয়কৰ বিভাগে। পেনকাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰাৰ অন্তিম তাৰিখ হিচাপে প্ৰথমে ২০১৮ চনৰ ৩০ জুন স্থিৰ কৰিছিল যদিও আয়কৰ বিভাগে এই তাৰিখ ২০১৯ৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰিছে। ৩১ মাৰ্চৰ ভিতৰতে দেশৰ জনসাধাৰণক পেনকাৰ্ডখনক আধাৰকাৰ্ডৰ সৈতে সংযুক্ত কৰিলৈ আহ্বান জনাইছে দেশৰ আয়কৰ বিভাগে।

পেনকাৰ্ডখনক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কেনেকৈ কৰিবঃ

  • প্ৰথমে আয়কৰ বিভাগৰ ই-ফাইলিং ৱেবচাইট www.incometaxindiaefiling.gov.in লৈ যাওক।
  • স্কীণত দেখা পোৱা বাওফাল ৰঙা ৰঙৰ 'লিংক আধাৰ'ত ক্লিক কৰক।
  • পূৰ্বতে আপুনি যদি একাউন্ট খোলা নাই। তেন্তে আপুনি আপোনাৰ এটা নিজাববীয়া একাউন্ট খোলক। স্কীণত 'লগ ইন' বুটামত ক্লীক কৰক।
  • ইয়াৰ পিছতে আপুনি স্কীণৰ ওপৰত ওলোৱা নীলা ৰঙৰ 'প্ৰফাইল চেটিং' বু্টামটো ক্লীক কৰক।
  • ক্লীক কৰাৰ লগে লগে স্কীণত আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ এটা বুটাম দেখা পাব। বুটামটো ক্লীক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ আৰু এটা কৰ্ড বিছাৰিব ।
  • সকলো কৰাৰ পাছত আপুনি 'লিংক আধাৰ' বুটামটো ক্লীক কৰিলেই আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হব ।

এই উপায়ৰ বাহিৰেও আপুনি এছ এম এছৰ জৰিয়তেও পেনকাৰ্ড খনক আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত কৰিব পাৰে। আয়কৰ বিভাগে ইয়াৰ বাবে ৫৬৭৬৭৮ আৰু ৫৬১৬১ দুটা নম্বৰো মুকলি কৰিছে।

এই নম্বৰ দুটাত যাৱতীয় নথি-পত্ৰ প্ৰেৰণ কৰি পেনকাৰ্ডক আধাৰকাৰ্ডৰ সৈতে সংযুক্ত কৰিব পাৰিব বুলি জানিবলৈ দিছে আয়কৰ বিভাগে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in