মহানগৰীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত গাঞ্জাসহ আটক এজনক…

মহানগৰীৰ পল্টনবজাৰ ৰে’ল ষ্টেচনত গাঞ্জাসহ আটক এজনক…

ডিজিটেল সংবাদ, গুৱাহাটী: গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীয়ে দেওবাৰে গাঞ্জাসহ আটক কৰে এজন যুৱকক। ধৃত যুৱকজনৰ নাম ভাস্কৰ বৰুৱা(২৩) । গাঞ্জাসহ আটক কৰে এই যুৱকজনৰ ঘৰ যোৰহাটৰ মৰিয়নি থানাৰ অন্তৰ্গত কেনেডি পাৰ্কত বুলি ৰেলৱে আৰক্ষীয়ে প্ৰকাশ কৰে।

ঘটনাৰ বিৱৰণী মতে দেওবাৰে পুৱা ৭ বজাত ৰেল ষ্টেচনৰ ১নং প্লেটফৰ্মত অভিযান চলাই থাকোতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ ৮ নং দবাত ৫ কেজি গাঞ্জাসহ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। ইফালে গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ৪০হাজাৰ টকা হ'ব বুলি সূত্ৰটোৱে জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in