বন্ধ হ’ল পল্টনবজাৰৰ হোটেল ‘মা কালী’!

বন্ধ হ’ল পল্টনবজাৰৰ হোটেল ‘মা কালী’!

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ ব্যস্ততাপূৰ্ণ পল্টনবজাৰৰ "মা কালী" নামৰ হোটেলখনত প্ৰশাসনে ৭ দিনৰ বাবে ওলমালে তলা। চাৰি দশকৰ গৰিমাত ক'লা দাগ লাগিল 'মা কালী'ত।

উল্লেখ্য যে, ভিন্ন জুতিৰ খাদ্যৰ লগতে বিভিন্ন প্ৰজাতিৰ মাছ উপলব্ধ এই 'মা কালী' নামৰ প্ৰতিষ্ঠানখনত খাদ্য সুৰক্ষা বিভাগে ৭ আগষ্টত অভিযান চলাই অস্বাস্থ্যকৰ পৰিবেশেৰে পাকঘৰ প্ৰত্যক্ষ কৰিছিল। তাৰ পিছতে শুকুৰবাৰে তলা ওলমাই দিয়া হয় বুলি খাদ্য সুৰক্ষা বিভাগৰ বিষয়া চম্পক পাঠকে সংবাদ মাধ্যমৰ আগত জনায়।

ইফালে গ্ৰাহকক অপৰিস্কাৰ খোৱাপানী যোগান ধৰাৰ অভিযোগ হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে। এই সকলোবোৰ দেখি হোটেলখনৰ গৰাকী দিলীপ পোদ্দাৰলৈ খাদ্য সুৰক্ষা বিভাগে বৃহস্পতিবাৰে এক জাননী জাৰী কৰি হোটেলখন বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in