পূৰ্বে হৰ্ছ ট্ৰেডিং হৈছিল নিৰ্বাচন জিকাৰ বাবে, এইবাৰ হৰ্ছ ট্ৰেডিং হৈছে বাংলাদেশীক অনাৰ বাবে…

পূৰ্বে হৰ্ছ ট্ৰেডিং হৈছিল নিৰ্বাচন জিকাৰ বাবে, এইবাৰ হৰ্ছ ট্ৰেডিং হৈছে বাংলাদেশীক অনাৰ বাবে…

ডিজিটেল ডেস্কঃ বিৰোধীৰ প্ৰতিবাদত ৰাজ্যসভাৰ কাৰ্য-ক্ৰমণিকা মঙলবাৰে ২ বজা পৰ্যন্ত পিচুৱাই দিব লগা হোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক আজি উত্থাপন কৰাৰ সুযোগো নোহোৱা হৈছে। ইফালে সদন স্থগিত হোৱাৰ পূৰ্বেই সংসদীয় পৰিক্ৰমা মন্ত্ৰী বিজয় গোৱেলে ঘোষণা কৰে যে প্ৰয়োজন হলে দুই বা তিনিদিনৰ বাবে ৰাজ্যসভাৰ সময় বৃদ্ধি কৰা হ'ব।

আনফালে বিধেয়কৰ বিৰোধিতাৰে সংসদ ভৱনৰ সন্মুখত উপস্থিত আছে অখিল গগৈ, পলাশ চাংমাই সহ দল-সংগঠনৰ নেতৃত্ব। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক দিল্লীৰ সংসদ ভৱনৰ সন্মুখত পৰা জানিবলৈ দিয়া মতে- বিধেয়ক গৃহীত কৰিবৰ কাৰণে বিজেপিয়ে সকলো ধৰণৰ পন্থা অৱলম্বন কৰিছে। সাধাৰণতে সংসদৰ যিবিলাক নিয়ম,সেই নিয়মৰ বাহিৰত গৈ হলেও নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে গৃহীত হয় তেনে এক পন্থা বিজেপিয়ে গ্ৰহণ কৰিছে। পূৰ্বতে এখন বিধেয়ক বিধেয়ক গৃহীত কৰাৰ বাবে সাংসদক এনেদৰও কিনা-বেচা হোৱা নাছিল, এয়া এক নজীৰ বিহীন ঘটনা। পলাশ চাংমায়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক প্ৰদান কৰা ভাষ্যৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in