জম্মু-কাশ্মীৰত পাকিস্তানী সেনাৰ আকস্মিক গুলিবৰ্ষণ, শ্বহীদ ভাৰতীয় জোৱান…

জম্মু-কাশ্মীৰত পাকিস্তানী সেনাৰ আকস্মিক গুলিবৰ্ষণ, শ্বহীদ ভাৰতীয় জোৱান…

ডিজিটেল ডেস্কঃ পাকিস্তানী সেনাই শনিবাৰে পুনৰ যুদ্ধ বিৰতি আইন উলংঘা কৰি জম্মু-কাশ্মীৰৰ ৰাজোৰি জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত থকা ফৰৱাৰ্ড পোষ্টত গুলীবৰ্ষণ কৰে আৰু ইয়াৰ তাৎক্ষণিক প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই। এই ঘটনাত দেশৰ এজন সেনা জোৱানৰ মৃত্যু হয়।

সেনা জোৱানজনৰ নাম হাভিলদাৰ পাটিল সংগ্ৰাম শিৱাজী। পাকিস্তানীৰ এনে তাৎক্ষণিক গুলিবৰ্ষণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰথমে পাটিল আঘাতপ্ৰাপ্ত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়।উল্লেখ্য যে, পাটিল মহাৰাষ্ট্ৰৰ কোলহাপুৰ জিলাৰ বাসিন্দা আছিল।

ভাৰতীয় সেনাই মন্তব্য কৰে যে, হাভিলদাৰ পাটিল সংগ্ৰাম শিৱাজী এজন সাহসী, দায়িত্বশীল আৰু দেশৰ বাবে উৎসৰ্গিত জোৱান আছিল। তেওঁৰ সৰ্বোচ্চ ত্যাগ আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ বাবে ভাৰত সদায় তেওঁৰ ওচৰত দায়বদ্ধ হৈ থাকিব বুলিও সেনাই মন্তব্য কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in