প্ৰথমে বলৎকাৰ পাছত শিৰচ্ছেদ, আদালতে দিলে বিশেষ ৰায়…

প্ৰথমে বলৎকাৰ পাছত শিৰচ্ছেদ, আদালতে দিলে বিশেষ ৰায়…

ডিজিটেল ডেস্ক: মৃত্য়ুদণ্ডৰে দণ্ডিত এজন ধৰ্ষণকাৰী। জাহিৰ জফৰক বলৎকাৰৰ অভিযোগত মৃত্যুদণ্ডৰে দণ্ডিত কৰে আদালতে।এই ঘটনা পাকিস্তানৰ।

আমেৰিকান নাগৰিক জাহিৰৰ পাকিস্তানৰ ইছলামবাদত নিজ ঘৰত বাস কৰে। ঘটনাৰ বিৱৰণী অনুসৰি জাহিৰে এগৰাকী যুৱতীক ঘৰলৈ আনি বলৎকাৰ কৰে আৰু পাছত চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰে।

এই ঘটনাৰ সংক্ৰান্ততেই জাহিৰক বৃহস্পতিবাৰে আদালতত মৃত্যু দণ্ডৰ ৰায়দান কৰে। জাহিৰৰ পিতৃ পাকিস্তানৰ এগৰাকী ডাঙৰ ব্যৱসায়ী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, জাহিৰে যুৱতী গৰাকীক বিয়া কৰাব বিচাৰিছিল কিন্তু যুৱতী গৰাকী অমান্তি হৈছিল।সেইবাবেই ২০২১ চনৰ ২০ জুলাইত ২৭ বছৰীয়া যুৱতী গৰাকীক ঘৰলৈ মাতি নি বলৎকাৰ কৰি হত্যা কৰে।

এই বলৎকাৰৰ গোচৰত জাহিৰ দোষী সাব্যস্ত হয় আৰু মৃত্যুদণ্ডৰে দণ্ডিত হয়। লগতে তেওঁৰ দুজন গাৰ্ডক ১০ বছৰৰ কাৰাদণ্ড বিহা হয়। অৱশ্যে জাহিৰৰ পিতৃ-মাতৃয়ে এই গোচৰত ক্লীনশ্বীট পাইছে। বলৎকাৰৰ পূৰ্বৰ ভিডিঅ চিচিটিভিত বন্দী হৈছে যত দেখিবলৈ পোৱা গৈছে যে যুৱতী গৰাকীয়ে পলাবলৈ চেষ্টা কৰিছে কিন্তু দুজন গাৰ্ডে তেওঁক ধৰি ৰাখে। তাৰপাছতেই এই ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, এই বলৎকাৰৰ ঘটনা সংঘটিত হোৱাৰ পাছতেই পাকিস্তানত বিৰোধ প্ৰদৰ্শন হৈছিল, তদুপৰি যুৱতী গৰাকী ডাঙৰ পৰিয়ালৰ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in