দুমাহৰ মূৰত পৰিয়ালক গতালে পাকিস্তানৰ জে’লত মৃত্যু হোৱা কয়দী নানুভাইৰ মৃতদেহ

দুমাহৰ মূৰত পৰিয়ালক গতালে পাকিস্তানৰ জে’লত মৃত্যু হোৱা কয়দী নানুভাইৰ মৃতদেহ

ডিজিটেল ডেস্কঃ অৱশেষত নিজ বাসগৃহলৈ পঠিওৱা হ'ল পাকিস্তানত কাৰাবাস খাটি মৃত্যু হোৱা নানুভাই কানাভাই ছ'লাংকীৰ। পাকিস্তানৰ কাৰাছী জে'লত দুবছৰ ধৰি কাৰাবন্দী হৈ থকা নানুভাই নামৰ মাছমৰীয়াজনৰ মৃত্যু হৈছিল চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত।

উল্লেখ্য যে, পাকিস্তানৰ সাগৰীয় নিৰাপত্তাৰক্ষীয়ে ২০১৭চনৰ নবেম্বৰত গ্ৰেপ্তাৰ কৰিছিল মাছমৰীয়াজনক। জে'লৰ ভিতৰতে মৃত্যু হোৱা নানুভাইৰ মৃতদেহ শনিবাৰে গুজৰাটৰ উনাস্থিত বাসগৃহলৈ অনা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in