কাঃ ছ’চিয়েল মিডিয়াত পাক প্রধানমন্ত্ৰীয়ে কৰিলে ডাঙৰ ভুল!

কাঃ ছ’চিয়েল মিডিয়াত পাক প্রধানমন্ত্ৰীয়ে কৰিলে ডাঙৰ ভুল!

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হ'ব লগা হ'ল পাক প্ৰধানমন্ত্ৰী ইমৰান খান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে কৰিলে এক ডাঙৰ ভুল। তেওঁ নিজৰ টুইটাৰ একাউণ্টত আৰক্ষীয়ে সাধাৰণ ৰাইজৰ ওপৰত কৰা প্ৰহাৰৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ পাছতেই বিভিন্নজনে কৰিলে তেওঁক সমালোচনা।

দৰাচলতে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন প্ৰান্তত আন্দোলন অব্যাহত থকা সময়ত প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে কিদৰে প্ৰহাৰ চলাইছে তাৰেই এক উদাহৰণ ছ'চিয়েল মিডিয়াযোগে দাঙি ধৰিবলৈ চেষ্টা কৰিছিল তেওঁ। পিছে তাতেই ভুল হৈ গ'ল প্ৰধানমন্ত্ৰীগৰাকীৰ। কিয়নো ভিডিঅ'টো ইমৰান খানে উত্তৰপ্ৰদেশৰ বুলি ভাবি আপলোড কৰিছিল যদিও, প্ৰকৃততে আছিল বাংলাদেশৰ তথা ৭ বছৰ পুৰণি।

ভুল ভিডিঅ' আপলোড কৰাৰ পাছত যেতিয়া বিভিন্ন জনে তেওঁক সমালোচনা কৰে তেতিয়া তেওঁ উপায়হীন হৈ টুইটাৰত আপলোড কৰা ভিডিঅ' কেইটা ডিলিট কৰিব লগা হয়। উল্লেখ্য যে, পাক প্রধানমন্ত্ৰী ইমৰান খানে টুইটাৰত লিখিছিল- 'Indian police's pogrom against Muslims in UP.'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in