পাকিস্তানৰ বিমান দুৰ্ঘটনাঃ নিশ্চিত মৃ্ত্যুৰ পৰা বাচিল বিমান কৰ্মী মদীহা ইমন…

পাকিস্তানৰ বিমান দুৰ্ঘটনাঃ নিশ্চিত মৃ্ত্যুৰ পৰা বাচিল বিমান কৰ্মী  মদীহা ইমন…

ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে পাকিস্তানত সংঘটিত হোৱা শোকাৱহ বিমান দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব। কৰ্মচাৰীৰ সৈতে মুঠ ৯৯গৰাকী যাত্ৰী থকা পাকিস্তান ইন্টাৰনেচনেল এয়াৰলাইনচৰ বিমানখন কাৰাচীৰ বন্দৰত অৱতৰণ কৰা মাত্ৰ ১মিনিটৰ পূৰ্বে সংঘটিত হৈছিল এই দুৰ্ঘটনা। উল্লেখ্য যে, এই ভয়াৱহ বিমান দুৰ্ঘটনাটোত ২গৰাকী ব্যক্তি জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। ইফালে দুৰ্ঘটনাগ্ৰস্থ হোৱাঅ অঞ্চলত ১১গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। আহত হোৱা অধিকাংশই মহিলাৰ লগতে শিশু।

এই ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ সংবাদমাধ্যমত প্ৰচাৰিত হৈ থকাৰ মাজতে আন এটা খবৰে শেহতীয়াকৈ বিশেষ চৰ্চা লাভ কৰিছে। এই খবৰটো শুনাৰ পিছত সকলোৱে কব, ৰাখে হৰি মাৰে কোনে-মাৰে হৰি ৰাখে কোনে। প্ৰাপ্ত খবৰ অনুসৰি, পাকিস্তানৰ লাহোৰৰ পৰা যেতিয়া বিমানখন উৰনৰ বাবে সাজু হৈছিল সেই সময়ত এগৰাকী বিমান মহিলা বিমানকৰ্মীক ততাতৈয়াকৈ ডিউটিৰ সময় সলনি কৰিছিল। মদীহা ইমন নামৰ কৰ্মচাৰীগৰাকীয়ে বিমানখন উৰনৰ পূৰ্বে সকলো কাম সমাপন কৰি যাত্ৰাৰ বাবে সাজু হৈছিল যদিও শেষ মূৰ্হূতত তেওঁক কৰ্তব্যৰ সময় সলনি কৰি অমন মকছুদ নামৰ এগৰাকী কৰ্মচাৰীক দায়িত্ব অৰ্পণ কৰা হৈছিল।

এনেকৈয়ে নিশ্চিত এক মৃত্যুৰ পৰা ৰক্ষা পৰিছিল মদীহা ইমন। ইফালে পাকিস্তানৰ সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ইতিমধ্যে এই বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে চাৰিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে। কিন্তু ইয়াৰ মাজতে চৰ্চা হৈছে যে, বিমানখনৰ পাইলটৰ আসনত আছিল A320 বিমান উৰনৰ সবাতোকৈ জ্যেষ্ঠ পাইলটগৰাকী। গতিকে তেনেস্থলত পাইলটৰ ভুলৰ বাবে এই দুৰ্ঘটনা হব পাৰে বুলি কৰা সম্ভাৱনাক নস্যাৎ কৰিছে বহুজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in