পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ পত্নীৰ দেহাৱসান

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফৰ পত্নীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হৈ বৰ্তমান কাৰাবন্দী হৈ থকা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফ পত্নী কুলচুম নৱাজ মঙ্গলবাৰে লণ্ডনত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয়।

এই খবৰ ৰাজহুৱা ভাৱে ঘোষণা কৰে 'মুচলিম লিগ নৱাজ'ৰ অধ্যক্ষ চাৰবাহ শ্বৰিফে। কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা কুলচুম চৰীফে লণ্ডনৰ এখন চিকিৎসালয়ত কিছুদিনৰ পৰা চিকিৎসাধীন হৈ আছিল।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপেই নহয়,দেশখনৰ ৰাজনীতিৰ পথাৰতো এগৰাকী বিশিষ্ট ৰাজনীতিক হিচাপে প্ৰতিষ্ঠিত আছিল কুলচুম চৰীফ। ১৯৯৯-২০০২ চনৰ লৈকে তেও পি এম এল এন দলৰ অধ্যক্ষ হিচাপেও কাৰ্যনিবাহ কৰিছিল।

১৯৫০ চনত লাহোৰত জন্মগ্ৰহন আৰু ১৯৭১ চনত নৱাজ শ্বৰিফৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা কুলচুম মৃত্যুৰ সময়ত বয়স আছিল ৬৮ বছৰ। উল্লেখযোগ্য যে,বৰ্তমানেও কাৰাবন্দী নৱাজ শ্বৰিফক পত্নীৰ বিয়োগত সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেই সৰ্ম্পকে ৰাজহুৱা কৰা নাই চৰকাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in