পাকিস্তানে নিদিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমান অৱতৰণৰ অনুমতি…

পাকিস্তানে নিদিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমান অৱতৰণৰ অনুমতি…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমান পাকিস্তানে নিজ এয়াৰস্পেচত অৱতৰণৰ বাবে প্ৰদান নকৰিলে অনুমতি। পাকিস্তানৰ সংবাদমাধ্যম অনুসৰি, ৰাষ্ট্ৰপতিগৰাকীৰ বিমানখনক পাকিস্তানৰ এয়াৰস্পেচত ব্যৱহাৰ কৰিবলৈ অনুমতি বিচাৰিছিল ভাৰতে। কিন্তু পাকিস্তানে প্ৰদান নকৰিলে বিমানখনৰ অৱতৰণৰ অনুমতি।

ইফালে, পাকিস্তানৰ বিদেশ মন্ত্ৰীশ্বাহ মহম্মক কুৰেশ্বীয়ে শনিবাৰে সংবাদমাধ্যমৰ আগত কয় যে, কাশ্মীৰৰ পৰিস্থিতিৰপ্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ইমৰান খানে এই সিদ্ধান্ত লৈছে যে।উল্লেখ্য যে,ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আইচলেণ্ড, স্লোবেনিয়া আৰু ছুইজাৰলেণ্ড ভ্ৰমণলৈ যাব। আৰুৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণসূচী আৰম্ভ হ'ব সোমবাৰৰ পৰা।

জম্মু-কাশ্মীৰৰ পুলৱামাতসন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফৰ প্ৰায় ৪০জন জোৱান শ্বহীদ হোৱাৰ পাছত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানেৰে বালাকোটত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাইসেইবোৰ ধ্বংস কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in