টুইটাৰত পাক প্ৰধানমন্ত্ৰীক সমৰ্থনঃ ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ যুৱক

টুইটাৰত পাক প্ৰধানমন্ত্ৰীক সমৰ্থনঃ ৰঙা ঘৰৰ আলহী হ’ল দৰঙৰ যুৱক

ডিজিটেল সংবাদ, মঙলদৈঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে অসমৰ এন আৰ চিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশৰ এটা টুইটত মন্তব্য প্ৰকাশ কৰি ৰঙা ঘৰৰ আলহী হ'ল দৰঙৰ এজন যুৱক। মোবাৰক আলী নামৰ যুৱকজনে পাক প্ৰধানমন্ত্ৰীজনৰ টুইটটোত এটা সমৰ্থনসূচক মন্তব্য কৰিছিল।

বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মামণি হাজৰিকা আৰু দৰং আৰক্ষীৰ চাইবাৰ চেলৰ উপ-পৰিদর্শক কৃষ্ণ কান্ত লস্কৰৰ নেতৃত্বত যোৱা এটি দলে ধূলা থানাৰ অন্তৰ্গত বকদিয়াৰ নিজ বাসগৃহৰ পৰা আটক কৰে যুৱকজনক। সম্প্ৰতি ধূলা আৰক্ষী থানাত ৪৬৭/১৯ নম্বৰত এটি গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in