এইবাৰ ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক যুদ্ধ বিমান…

এইবাৰ ভাৰতীয় নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পাক যুদ্ধ বিমান…

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাই বালাকোটত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা আক্ৰমণৰ পিছত এই পৰ্যন্ত ৪ বাৰকৈ ভাৰতৰ নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰত দেখা পোৱা গৈছে পাকিস্তানী ড্ৰোন। এইবাৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ নিলগত ভাৰতীয় বায়ু সেনাই প্ৰত্যক্ষ কৰে পাক যুদ্ধ বিমান। পাক যুদ্ধবিমানখন প্ৰত্যক্ষ কৰাৰ পিছতে ভাৰতীয় বায়ু সেনে জাৰি কৰিছে হাই এলাৰ্ট।

পুঞ্চ চেক্টৰৰ সমীপৰ পাক অধ্যুষিত কাশ্মীৰৰ আকাশত বিয়লিৰ ভাগত পাকিস্তান বায়ু সেনাৰ এখন চুপাৰচনিক জেট দেখা পোৱা যায়। আন্তৰ্জাতিক সীমাৰ সীমাপত চুপাৰচনিক জেটখনৰ গতি বৃদ্ধি পায়। তীব্ৰ গতিবেগৰ বাবে ভাৰতৰ ৰেডাৰত যাতে যুদ্ধ বিমানখনৰ অৱস্থান ধৰা নপৰে তাৰ বাবেই এই চুপাৰচনিক যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছিল বুলি সন্দেহ ব্যক্ত কৰিছে ভাৰতীয় বায়ু সেনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in