চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰ শিল্পী , সাহিত্যিক পেঞ্চনাৰ, শিক্ষয়িত্ৰী পদুমী গাজলুৰ মৃত্যু…

চাহ জনগোষ্ঠীৰ একমাত্ৰ বাতিক চিত্ৰ শিল্পী , সাহিত্যিক পেঞ্চনাৰ, শিক্ষয়িত্ৰী পদুমী গাজলুৰ মৃত্যু…

ডিজিটেল সংবাদ বোকাখাতঃ অসমৰ এগৰাকী বিশিষ্ট চিত্র শিল্পী বোকাখাতৰ সাপজুৰিৰ নিৱাসী পদুমী গাজলুয়ে বৃহস্পতিবাৰে নিশা চিকিৎসাধীন অৱস্থাতে যোৰহাটত মৃত্যুক সাৱতি লয়। বোকাখাতৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী, বিশিষ্ট লেখিকা তথা সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ মৃত্যুত সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পৰে।

কলকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শান্তিনিকেতনৰ পৰা বাতিক শিল্পত বিশেষ ভাৱে প্ৰশিক্ষিত চাহ জনগোষ্ঠীৰ প্ৰথম মহিলা আছিল প্ৰয়াত পদুমী গাজলু। বাতিক শিল্পৰ কাম কৰা পদুমী গাজলু আছিল চাহ জনগোষ্ঠাটোৰ একমাত্র মহিলা চিত্র শিল্পী।

চিত্র শিল্পী হিচাবেই তেওঁ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা আৰম্ভ কৰাৰ পিচৰে পৰাই বাতিক শিল্পতকৈ সাহিত্য চৰ্চাত অধিক মনোনিৱেশ কৰিছিল যদিও মাজে মাজে শিল্প চর্চাও কৰিছিল পদুমী গাজলুয়ে।অৱসৰৰ পিচত ঘৰতে বহু ছাত্ৰ-ছাত্ৰীক চিত্ৰ কলাৰ শিক্ষাও দিছিল চিত্র শিল্পী গৰাকীয়ে।

শান্তিনিকেতনৰ পৰা সুক্ষাতিৰে ওলায় আহি পদুমী গাজলুয়ে অসমৰ চাহ জনগোষ্ঠীৰ বহু চিত্ৰ সমল সংগ্ৰহ কৰিছিল। চাহ জনগোষ্ঠীৰ শিল্প সংস্কৃতিৰ গৱেষণাও কৰিছিল। বেনু মিশ্র, পুলক গগৈ আদি বিশিষ্ট চিত্র শিল্পীৰ অনুপ্ৰেৰণাত পদুমী গাজলুয়ে বাতিক চিত্ৰত চাহ জনগোষ্ঠীৰ পৰম্পৰাগত ডিজাইন বোৰক ধৰি ৰাখিবৰ বাবে সদায় চেষ্টা কৰিছিল। বাতিক শিল্পৰ প্ৰতি নৱ প্ৰজন্মই আগ্ৰহ নেদেখুৱাৰ বাবে মাজে মাজে ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ।

বৰচাপৰি চাহ বাগিচাৰ আদিৰাম গাজলুৰ পৰিয়ালত জন্ম গ্রহন কৰা পদুমী গাজলুয়ে পৰৱৰ্তী সময়ত শ্রমিক নেতা ৰুকলাল কুৰ্মীৰ সৈতে বিবাহ পাশত অৱদ্ধহৈ দুটিকৈ সন্তানৰ মাতৃ হৈছিল। বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা পদুমী গাজলুক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।

যোৱা নিশা চিকিৎসাধীন অৱস্থাতে বিশিষ্ট চিত্র শিল্পী গৰাকীয়ে ইহ লীলা সম্বৰণ কৰে। মৃত্যুৰ সময়লৈকে পদুমী গজলু অসম সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, লেখিকা সমাৰোহ সমিতি, প্ৰয়াস অধ্যয়ন চক্ৰ আদি বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল। পদুমী গাজলুৰ মৃত্যু চাহজনগোষ্ঠীৰ লগতে সমগ্ৰ বোকাখাতৰ বাবেই এক অপুৰণীয় ক্ষতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in