পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- ‘এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’

পদ্মশ্ৰী সন্মান লাভ কৰি বিশিষ্ট সাহিত্যিক-ঔপন্যাসিক য়েছে দৰজে ঠংছিৰ প্ৰতিক্ৰিয়া, ক’লে- ‘এই সন্মান মোৰ পাঠক সকললৈ উচৰ্গা কৰিছো’

ডিজিটেল সংবাদ, ইটানগৰঃ ১৯৬৭ চন ৷ অৰুণাচল প্ৰদেশত তেতিয়া চৰকাৰী কাম-কাজৰ লগতে বিদ্যালয়ত অসমীয়া ভাষা চলে৷ বমডিলা হাই স্কুলত নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনে অসমীয়াত কবিতা লিখা আৰম্ভ কৰিছিল৷ এদিন তেওঁ এটা কবিতা লিখি অসমৰ পৰা প্ৰকাশিত 'জোনবাই' নামৰ আলোচনীখনলৈ প্ৰেৰণ কৰিছিল। কবিতাটো প্ৰকাশ হৈছিল জোনবাইত৷ সেয়াই আছিল আৰম্ভণি৷ তাৰ পাছত আন বহুকেইখন অসমীয়া আলোচনীত তেওঁৰ বহুকেইটা দেশপ্ৰেমমূলক কবিতা প্ৰকাশ পায়৷ তেওঁৰ কবিতা প্ৰকাশ পোৱাৰ পাছত বমডিলা হাই স্কুলৰ শিক্ষক সকলে খুৱ প্ৰশংসা কৰে৷

তাৰ পাছত বহু দিন, বহু বছৰ, কেইবাটাও দশক পাৰ হৈ গ'ল৷ বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোঁহাঞিয়ে পুনৰ সেই অৰুণাচলী যুৱকজনক আৱিস্কাৰ কৰিছিল নতুন ৰূপত৷ এই নতুন ৰূপ আছিল যুৱকজনৰ ঔপন্যাসিক হিচাপে তুলি ধৰাৰ৷ আৰম্ভ হৈছিল এক নতুন যাত্ৰাৰ৷ প্ৰতিদিন গোষ্ঠীৰ 'সাদিন' কাকতৰ পাততো ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল তেওঁৰ এখন জনপ্ৰিয় উপন্যাস৷ সেই যুৱকজনেই হৈছে য়েছে দৰজে ঠংছি৷ ৱেষ্ট কামেং জিলাৰ ৰূপাৰ সমীপৰ জিগাও নামৰ গাঁওখনত ১৯৫২ চনত জন্মগ্ৰহণ কৰা য়েছে দৰজে ঠংচিৰ পিতৃৰ নাম আছিল ফুংছু ঠংচি আৰু মাতৃৰ নাম আছিল ৰিনচিন চজ'ম ঠংচি৷

দাৰিদ্ৰতাৰে যুঁজি থকা পৰিয়াল এটাত জন্মগ্ৰহণ কৰা য়েছে দৰজে ঠংচিয়ে পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি পাছত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে কৰ্মত যোগদান কৰে৷ সেই সময়তে অৰুণাচল প্ৰদেশৰ বৈচিত্ৰ্যতাৰে ভৰা বিভিন্ন জনজাতীয় লোকসকলক ওচৰৰ পৰা চোৱাৰ সুযোগ পায়৷ তেতিয়াৰে পৰা অৰুণাচল প্ৰদেশৰ বহু মনোৰম কাহিনী তুলি ধৰা ঠংচিক এইবাৰ ভাৰত চৰকাৰে সন্মানীয় পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে৷

সাহিত্য অকাডেমীকে ধৰি বহু বটাঁ লাভ কৰা ঠংচিৰ প্ৰথমখন কিতাপ 'চনম' প্ৰকাশ হৈছিল ১৯৮২ চনত৷ পদ্মশ্ৰী পোৱাৰ পাছত 'অসমীয়া প্ৰতিদিন'ৰ তৰফৰ পৰা ঠংচিক অভিনন্দন জনোৱাৰ সময়ত তেওঁৰ অনুভব জানিব বিচৰাত তেওঁ কয় যে এই বটাঁ লাভ কৰাৰ পাছত তেওঁ সাহিত্য সৃষ্টিৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰিছে৷ লগতে তেওঁ কয় যে এই বটাঁ তেওঁৰ মৰমৰ আৰু শ্ৰদ্ধাৰ পাঠক সকললৈ উৎসৰ্গিত কৰিছে৷

বিশিষ্ট ঔপন্যাসিক-সাহিত্যিকগৰাকীয়ে লগতে কয় যে শনিবাৰে দিনৰ ভাগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা দুজনকৈ বিষয়াই তেওঁক এই সন্মান প্ৰদানৰ বিষয়ে অৱগত কৰায়। স্বাভাৱিকতে এই সন্মান লাভ কৰি আনন্দিত হোৱা ঠংচিয়ে অতি সম্প্ৰতি সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰিব লগা অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা সাহিত্যসূৰ্য লুম্মেৰ দাইৰ এখন জীৱনী লিখি আছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in