বলীয়া হাতীকো বলালে…

বলীয়া হাতীকো বলালে…

ডিম্পুল বৰগোঁহাই

সু পৰিকল্পনা আৰু অভিজ্ঞতা থাকিলে যিকোনো সমস্যাৰ সমাধান কৰা সম্ভৱ। কেৱল এটা বিয়াগোম চৰকাৰী বিভাগ আৰু তথাকথিত বিষয়া-কৰ্মচাৰীয়ে নোৱাৰা নাম কোনো লোকে হেলাৰঙে কৰিব পাৰে। তাৰ প্ৰমাণ গোলাৱপাৰাত দিলে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তেজপুৰৰ এটা বিখ্যাত পৰিয়ালত জন্ম হোৱা পদ্ম হাজৰিকাৰ পিতৃৰ নাম স্বৰ্গীয় গুণধৰ হাজৰিকা।

পূৰ্বতে অসম গণ পৰিষদৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা পদ্ম হাজৰিকা বৰ্তমান বিজেপিৰ বিধায়ক। চতিয়া সমষ্টিৰ পৰা তেওঁ ১৯৯৬, ২০০৬, ২০১১ আৰু ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। পূৰ্বতে পৰিয়ালটোৰ হাতী মহল থকাৰ সূত্ৰে হাতীৰ চালন-ফুৰণ আদিৰ সন্দৰ্ভত বংশানুক্ৰমে লাভ কৰা অভিজ্ঞতা আৰু বৰ্তমানো ঘৰত পোহনীয়া হাতী থকা পদ্ম হাজৰিকাই হাতী-মানুহৰ সংঘাতৰ সময়ত চতিয়া তথা শোণিতপুৰ জিলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

গোৱালপাৰাৰ মাতিয়াত শেহতীয়াকৈ ৫জনকৈ লোকক হত্যা কৰা এটা উদণ্ড বনৰীয়া হাতীক লৈ বন বিভাগ যথেষ্ট অস্বস্তিত পৰিছিল। হাতীটোক বশ কৰিবলৈ বন বিভাগৰ লোক সফল হোৱা নাছিল যদিও পদ্ম হাজৰিকাই এই বিপদৰ পৰা বন বিভাগক ৰক্ষা কৰিলে।

লাডেন আৰু অন্যান্য কেইবাটাও বন্যহস্তীয়ে গোৱালপাৰা জিলাত চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে পদ্ম হাজৰিকাই এই অভিযান আৰম্ভ কৰিছিল ৩ দিনৰ পূৰ্বে। গোৱালপাৰালৈ গৈ তেওঁ তেওঁ যোগাৰ কৰিছিল এই অভিযানৰ বাবে কিছু সামগ্ৰী। তেওঁৰ মৰমৰ আৰু অত্যন্ত সাহসী হাতী ৰামুক নিয়া হৈছিল গোৱালপাৰালৈ। সেই অনুসৰি যশোদা, সৰস্বতী, বাবু আৰু বিক্ৰম নামৰ হাতীকেইটাক অনা হৈছিল ক্ৰমে মানাহ, কাজিৰঙা আৰু পবিতৰাৰ পৰা।

অভিযান আৰম্ভ কৰাৰ পূৰ্বে যোগাৰ কৰিছিল মৰাপাতৰ ৰচী। বিশেষভাৱে ছয়গাঁৱৰ পৰা নিয়া এই মৰাপাতৰ ৰচী ট্ৰেংকুলাইজ কৰা হাতীটোক বান্ধিবৰ বাবে যোগাৰ কৰি লৈছিল। সোমবাৰ, অৰ্থাৎ ১১ নৱেম্বৰ, ২০১৯ত পাঁচোটা হাতীৰে আৰম্ভ কৰিছিল এই অভিযান। প্ৰতিটো হাতীত আছিল ৩জনকৈ লোক। খোজেৰে বনাঞ্চলখনলৈ ৰাওনা হৈছিল বন বিভাগৰ লোক আৰু নিৰাপত্তাৰক্ষী।

গোৱালপাৰাৰ ৰংজুলীৰ চাতাবাৰী বনাঞ্চলখনত পুৱাই উপস্থিত হৈছিলগৈ এই দলটো। প্ৰথমে তেওঁলোকে অভিযান আৰম্ভ কৰাৰ পূৰ্বে গণেশ পূজা কৰিছিল। তাৰ পিছত হাতীটোৰ সন্ধানত সোমাইছিল বনাঞ্চলত। বিশেষ কষ্ট নকৰাকৈয়ে সু পৰিকল্পনাৰ বাবে সহজতে ট্ৰেংকুলাইজ কৰা হৈছিল এটা হাতী। প্ৰথমে মানুহে ভাৱিছিল এইটো 'লাডেন'। অৰ্থাৎ গোৱালপাৰা জিলাত সন্ত্ৰাস চলোৱা হাতীটো।

কিন্তু পৰৱৰ্তী সময়ত ট্ৰেংকুলাইজেৰে কৰায়ত্ব কৰা হাতীটো লাডেন নহয় বুলি ৰাইজে জানিবলৈ দিলে। অৱশ্যে এই হাতীটোৱেই মাতিয়াত ৫ জনক হত্যা কৰিছিল। লাডেনক নহ'লেও এটা উদণ্ড হাতী ইমান সহজতে বশ কৰা জানো সহজ কথা?

কিদৰে হাতীটো বশ কৰিলে সেয়া সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে। পদ্ম হাজৰিকা আৰু তেওঁৰ সংগী সকলে এটা উদণ্ড বনৰীয়া হাতীক বশ কৰাৰ পাছতে স্বস্তিৰ নিশ্বাস এৰিলে গোৱালপাৰা বাসীয়ে।

মানুহৰ মাজত লাডেনক লৈ সৰৱ চৰ্চা চলিলেও গোৱালপাৰা অঞ্চলত কেইবাটাও বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে। কিন্তু বনৰীয়া হাতীৰ তাণ্ডৱৰ খবৰ কেৱল লাডেন বুলিহে প্ৰচাৰ হয়। অসমৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত তুংগত উঠিছে। দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ সন্ত্ৰাসে নগাঁও, বাক্সা, শোণিতপুৰ, নুমলীগড়, ওদালগুৰি, কাৰ্বি আংলং আদিত বহুতৰ প্ৰাণ হৰিছে। ঘৰ-দুৱাৰ, সা-সম্পত্তি নষ্ট হৈছে।

খোদ মহানগৰীতে বনৰীয়া হাতীৰ প্ৰৱেশ আৰু পুৱাৰ পৰা গধুলিলৈকে মহানগৰীৰ বাটে ঘাটে বনৰীয়া হাতীৰ বিচৰণৰ পাছতো বন বিভাগে ইমান দীৰ্ঘ সময় একো কৰিব নোৱাৰি নীৰৱ দৰ্শক হৈ চাই থাকিবলগা হৈছে। হাতীৰ এই সন্ত্ৰাস বা জনাঞ্চললৈ হাতী ওলাই অহা ঘটনাৰ কাৰণসমূহৰ উপযুক্ত অধ্যয়ণ, ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ আজিও কৰা হোৱা নাই।

বন্যপ্ৰাণীৰ নিৰাপত্তা, খাদ্য বা অনুসাংগিক বিষয়সমূহ তদাৰক কৰিবলৈ উচ্চ পদস্থ বিষয়াৰ লগতে বন বিভাগৰ বহু সংখ্যক কৰ্মচাৰী আছে। কিন্তু সঁচা অৰ্থত সেই বিষয়া-কৰ্মচাৰীসকলে ব্যৱহাৰিক দিশত এনেবোৰ সংঘাত বা সমস্যা প্ৰতিৰোধৰ বাবে সফল ব্যৱস্থা গ্ৰহণত কিয় বিফল হৈ আহিছে, সেয়া গোৱালপাৰাত পদ্ম হাজৰিকাই কেনেদৰে বনৰীয়া হাতী বশ কৰিলে তাৰ পৰা শিক্ষা লোৱা উচিত।

অৰণ্যসমূহত চলা ধ্বংস অভিযান, পাহাৰ বা বনাঞ্চলৰ মাটিত চলা খনন আৰু হাতীয়ে অহা-যোৱা কৰা পথ সমূহত গঢ়ি উঠা ঘৰ-দুৱাৰ, ৰে'লপথ আদিৰ বাবে হাতীৰ বাসস্থান সংকুচিত হৈ আহিছে। নুমলীগড়তে এলিফেন্ট কৰিডৰত নুমলীগড় তেল শোধানাগাৰ কৰ্তৃপক্ষই প্ৰকাণ্ড চৌহদ ৱাল নিৰ্মাণ কৰাত বন্যহস্তীৰ সমস্যাই অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এইবোৰ সমস্যা মানুহে সৃষ্টি কৰা সমস্যা। বন বিভাগৰ অনাভিজ্ঞ লোকে হাতী খেদিবলৈ ফটকা, বোমা আদি গাঁওবাসীক দিয়েই দায়িত্ব সামৰাৰ ঘটনাও বহু ঠাইত ঘটিছে। বনৰীয়া হাতী আহিছে বুলি কলেই এইবোৰ ফুটাই সন্ত্ৰাস সৃষ্টি কৰাৰ ফলত জনাঞ্চলৰ ভিতৰত আবদ্ধ হৈ পৰা আৰু দলৰ পৰা বিচ্ছিন্ন হৈ পৰা অকলশৰীয়া হাতীয়েই পৰৱৰ্তী সময়ত উন্মাদ ৰূপ ধাৰণ কৰে।

গোৱালপাৰাত বনৰীয়া হাতীৰ দীৰ্ঘদিনৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰথমটো খোজতে সফলতা লাভ কৰা পদ্ম হাজৰিকাক এতিয়া বনৰীয়া হাতীৰ উপদ্ৰৱ চলা আন অঞ্চলসমূহৰ মানুহেও বিচাৰিব। এই সফলতাৰ পাছত বনৰীয়া হাতী ওলালেই বা বন বিভাগে বনৰীয়া হাতী খেদিব পঠাব নোৱাৰা ঠাইসমূহৰ স্থানীয় লোকসকলে এই সমস্যা সমাধানৰ বাবে পদ্ম হাজৰিকাক মাতক বুলি নিশ্চয় দাবী তুলিব।

কিন্তু কিমান ঠাইলৈ গৈ এইদৰে এইগৰাকী অভিজ্ঞ জনপ্ৰতিনিধিয়ে বনৰীয়া হাতী খেদি ফুৰিব? সেয়েহে এতিয়া এনে চৰ্চাও চলিছে, চৰকাৰে এই বিভাগটোক সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আৰু এই সমস্যা বোৰৰ সমাধান কৰিব পৰাকৈ এজন উপযুক্ত মানুহক এই বিভাগৰ মাউত পাতক!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in