প্ৰয়াত জৰ্জ ফাৰ্ণাণ্ডেজ, জেটলী, সুষমা স্বৰাজসহ ৪ বিশিষ্ট ৰাজনীতিকলৈ পদ্ম বিভূষণঃ পদ্মভূষণ, পদ্মশ্ৰীৰ তালিকাতো বহুকেইগৰাকী ৰাজনৈতিক নেতা…

প্ৰয়াত জৰ্জ ফাৰ্ণাণ্ডেজ, জেটলী, সুষমা স্বৰাজসহ ৪ বিশিষ্ট ৰাজনীতিকলৈ পদ্ম বিভূষণঃ পদ্মভূষণ, পদ্মশ্ৰীৰ তালিকাতো বহুকেইগৰাকী ৰাজনৈতিক নেতা…

ডিজিটেল ডেস্কঃ ২০২০ বৰ্ষৰ সন্মানীয় পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰা ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ তালিকা সমাগত গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা হ'ল। শিল্প কলা, শিক্ষা-সাহিত্য, ক্ৰীড়া, চিকিৎসা, উদ্যোগিক খণ্ড, কৃষি, সামাজিক সেৱা, উমৈহতীয়া সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, প্ৰশাসনিক সেৱাকে ধৰি বহু কেইটা শিতানত উল্লেখযোগ্য সেৱা আগবঢ়োৱা সকলক দেশৰ সৰ্বোচ্চ অসামৰিক এই সন্মান প্ৰদান কৰা হৈছে।

২০২০ বৰ্ষত ৭ গৰাকীয়ে পদ্ম বিভূষণ, ১৬ পদ্মভূষণ আৰু পদ্মশ্ৰী লাভ কৰিছে ১১৭ গৰাকী ব্যক্তিয়ে। এই বৰ্ষত ক্ৰীড়া দেশৰ দুগৰাকী মহিলা খেলুৱৈ মেৰীকমে পদ্ম বিভূষণ আৰু পি ভি সিন্ধুয়ে লাভ কৰিছে পদ্মভূষণ সন্মান। জন্মসূত্ৰে অৰুণাচল প্ৰদেশৰ যদিও অসমৰ সাহিত্য ভৰাল চহকী কৰা য়েচে দৰজে থংচিক প্ৰদান কৰা হৈছে পদ্মশ্ৰী। ইয়াৰোপৰি অসমৰ ভিন্নক্ষেত্ৰৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।

পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা বিভিন্ন শিতানৰ ভিতৰত এটা উল্লেখ্যযোগ্য শিতান হৈছে Public Affairs। বিগত প্ৰতিটো বৰ্ষতে বহুকেইজন বিশিষ্ট ব্যক্তিক এই সন্মান প্ৰদান কৰা হৈছে। ২০২০ বৰ্ষত Public Affairs শিতানত মুঠ ১১ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান। লক্ষ্যণীয়ভাৱে এই ১১ জনৰ ভিতৰত ৯ জনেই হৈছে প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি।

পদ্ম বিভূষণ প্ৰদান কৰা প্ৰয়াত জৰ্জ ফাৰ্ণাণ্ডেজ, প্ৰয়াত অৰুণ জেটলী, প্ৰয়াত সুষমা স্বৰাজ আৰু Sir Anerood Jugnauth GCSK এই ৪ জন বিশিষ্ট ব্যক্তিয়েই প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত। আনহাতে Public Affairs শিতানত পদ্মভূষণ সন্মান প্ৰদান কৰা ৫ জনৰ ভিতৰত ৩ জনেই ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্যক্তি।

পদ্মভূষণ সন্মান লাভ কৰা বাংলাদেশৰ Shri Syed Muazzem Ali আৰু Shri Neelakanta Ramakrishna Madhava Menon ৰ বাহিৰে অন্য ৩ গৰাকী ব্যক্তি হৈছে- জম্মু-কাশ্মীৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী Shri Muzaffar Hussain Baig, নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা উৰিষ্যাৰ ৰাজ্যপাল S. C. Jamir আৰু গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত মনোহৰ পাৰিকৰ।

আনহাতে Public Affairs শিতানত পদ্মশ্ৰী সন্মান লাভ কৰিছে বিদেশৰ দুগৰাকী প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ Shri Bob Blackman আৰু Shri Barry Gardiner য়ে ২০২০ বৰ্ষৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে। ২০১৯ বৰ্ষতো Public Affairs শিতানত মুঠ ৫ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছিল পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান। ইয়াৰে আটাইকেইগৰাকী ব্যক্তিয়েই আছিল ৰাজনীতিৰ সৈতে জড়িত।

বিগত এটা দশকত Public Affairs শিতানত পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মান কৰা তালিকাসমূহ পৰ্যবেক্ষণ কৰিলে স্পষ্ট হয় যে, এই তালিকাত লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি নাম। তাৰ বিপৰীতে এখন প্ৰগতিশীল আৰু সুস্থ-সবল সমাজ গঢ়াত সহায় কৰা প্ৰয়োজনীয় বহুকেইটা বিষয়ক এই শিতানৰ পৰা এৰাই চলা দেখা গৈছে। বিশেষকৈ অৰ্থনীতি, সামাজিক ন্যায়-সমতা, শিশু আৰু যুৱ কল্যাণ, সাংবাদিকতা-তথ্য প্ৰযুক্তি, আভ্যন্তৰীণ নিৰাপত্তাৰ দৰে বিষয়ক এই সন্মানৰ তালিকাত অন্তুভুক্ত কৰা হোৱা নাই।

এখন সবল ৰাষ্ট্ৰ নিৰ্মাণত সামাজিক ন্যায়-সমতা, শিশু আৰু যুৱ কল্যাণ, সাংবাদিকতা-তথ্য প্ৰযুক্তি, আভ্যন্তৰীণ নিৰাপত্তাৰ দৰে বিষয়ে প্ৰতি মূহুততে অৰিহণা যোগাই আহিছে বুলি ঘোষণা কৰা হয় যদিও দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানৰ শিতানত এনে বিষয়সমূহ অন্তভুক্ত নোহোৱাত বিভিন্ন সময়ত সচেতন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। উল্লেখ্য যে, এই বৰ্ষত কৰ্ণাটকৰ দুজন ব্যক্তিক সাংবাদিকতা আৰু সাহিত্য-শিক্ষা শিতানত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে যদিও এওলোক সক্ৰিয় সাংবাদিকতাৰ পৰা আতঁৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in