পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাঃ নতুন সমিতি গঠন…

পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বাৰ্ষিক প্ৰতিনিধি সভাঃ নতুন সমিতি গঠন…

ডিজিটেল সংবাদ: ঢকুৱাখনা: সদৌ অসম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত  ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ  বাৰ্ষিক প্ৰতিনিধি সভাখন সোমবাৰে  হাৰ্হি মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় ।  পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা প্ৰতিনিধি আৰু বিষয় বাচনি সভাত  লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক টুলটুল ভঁৰালী , ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ  সম্পাদক স্বৰাজ শংকৰ গগৈ ,সভাপতি পল্লব বৰুৱা , আদিয়ে অংশ গ্ৰহণ কৰে ।

আঞ্চলিকখনৰ সকলো ছাত্ৰ প্ৰতিনিধিৰ  উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি ও   বিষয় বাচনি সভাত পিংকু গোস্বামীক সভাপতি ,  মাধুৰ্য  বৰুৱা, বেদান্ত বিকাশ কোচ , হিমাদ্রি দত্তক উপ সভাপতি, প্ৰাংগন জ্যোতি দত্তক  সাধাৰণ সম্পাদক, দেৱজিত খাটনিয়াৰ , গীতাশ্ৰী বৰা , বিশাল বৰাক সহকাৰী সাধাৰণ সম্পাদক , গৌতম চমুৱাক মুখ্য সংগঠণিক সম্পাদক , পৰীস্মিতা দত্তক শিক্ষা সম্পাদক, আকাশ কোঁচক বিত্ত সম্পাদক , পংকিনা শইকীয়াক সাংস্কৃতিক সম্পাদক , সৌৰভ জ্যোতি পাচনিক তথ্য সম্পাদক , মাইনি দত্তক সাহিত্য সম্পাদক , মাধুৰ্য পাচনিক ক্ৰীড়া সম্পাদক হিচাবে  লৈ এখন ২৬ জনীয়া শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হয় ।

প্ৰতিনিধি ও বিষয় বাচনি সভাত পৰ্যবেশক হিচাবে উপস্থিত থকা ছাত্ৰ জিলা  নেতা টুলটুল ভঁৰালী ,মহকুমা ছাত্ৰনেতা  পল্লব বৰুৱা ,স্বৰাজ শংকৰ গগৈয়ে  পশ্চিম মাছখোৱা অঞ্চলত সন্থাৰ সংগাঠনিক পৰিসৰ বৃদ্ধি কৰি সৰ্ব সাধাৰণ  ৰাইজৰ অভাৱ সমস্যাৰ সমাধানৰ লগতে জাতীয় সমস্যাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰি যাবলৈ নৱ নিৰ্বাচিত আঞ্চলিক সমিতিখনক আহ্বান জনায় শুভেচ্ছা জ্ঞাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in