বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ…

বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ আই এন এক্স মিডিয়া কেলেংকাৰী গোচৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামক ই ডিয়ে গ্ৰেপ্তাৰ কৰিব বিচৰা আৱেদনত অনুমতি জনালে চিবিআই ক'ৰ্টে। আৰু বুধবাৰে ই ডিৰ এটা দলে তিহাৰ জে'ললৈ গৈ গ্ৰেপ্তাৰ কৰিব চিদাম্বৰামক।

তাৰপাছতঅনুসন্ধানকাৰী সংস্থাটোৱে বুধবাৰে সন্ধিয়া ন্যায়ালয়ত হাজিৰ কৰাই চিদাম্বৰামকগ্ৰেপ্তাৰৰ বাবে অনুৰোধ জনাব। উল্লেখ্য যে, সোমবাৰে চিদাম্বৰামক ই ডিয়ে জিম্মাতলোৱা আৱেদন সন্দৰ্ভত দিল্লীৰ ৰাওছ এভেনিউ ক'ৰ্টত শুনানি গ্ৰহণ কৰা হৈছিল।

ন্যায়ালয়ে ই ডিক কয় যে, আমাক মানী লণ্ড্ৰিঙৰ সন্দৰ্ভত সোধ-পোছ কৰাৰপ্ৰয়োজন আছে। আৰু ইয়াৰ বিৰোধিতা কৰিছিল পি চিদাম্বৰামৰ অধিবক্তা কপিল চিব্বলে।তেওঁ কৈছিল যে, আই এন এক্স মিডিয়া কেলেংকাৰী সন্দৰ্ভত ই ডিয়ে চিদাম্বৰামে জিম্মাতলোৱাৰ প্ৰয়োজন নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in