বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী…

বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী…

ডিজিটেল ডেস্কঃ যুগ্মজীৱনৰ পাতনি মেলিলে আগাথা চাংমাই। উত্তৰ-পূবৰ নতুন প্ৰজন্মৰ ৰাজনীতিবিদসকলৰ ভিতৰত এটা পৰিচিত নাম আগাথা। তেওঁৰ পিতৃ আছিল লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পি এ চাংমা। ভাতৃ বৰ্তমান মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা।

২০১৬চনত মৃত্যু হৈছিল পি এ চাংমাৰ। বৰ্তমান আগাথা চাংমা তুৰা লোকসভা সমষ্টিৰ সাংসদ। ১৯৮০চনৰ ২৪ জুলাইত জন্মগ্ৰহণ কৰা আগাথাই ড০ মনমোহন সিঙৰ দ্বিতীয়টো কাৰ্যকালত ইউ পি এ চৰকাৰৰ সৰ্বাতোকৈ কনিষ্ট মন্ত্ৰী ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল।

২০০৯ৰ মে'ৰ পৰা ২০১২ৰ অক্টোবৰলৈকে গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। পুনে বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰা আগাথাই যুগ্মজীৱনৰ পাতনি মেলিছে ডা০ প্ৰেট্ৰিক ৰংগামা মাৰাকৰ সৈতে।

দীৰ্ঘদিন ধৰি সু-সম্পৰ্ক আছিল দুয়োৰে মাজত। তাৰ পৰিণতিতে ২১ নবেম্বৰ, ২০১৯ত বিবাহপাশত আৱদ্ধ হৈ আগাথা। উল্লেখযোগ্য যে, আগাথাৰ স্বামী বৃত্তিত এজন চিকিৎসক। শ্বিলঙত থকা নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজিঅ'নেল হেল্থ এণ্ড মেডিকেল চায়েঞ্চৰ চিকিৎসক ডা০ মাৰাকা।

সাংসদ আগাথাৰ বিবাহ উপলক্ষে টুইটাৰযোগে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও। নতুন জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি এই টুইটটোত পি এ চাংমাক সোঁৱৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। উল্লেখযোগ্য যে, ২০০৮ৰ মে'ত তেওঁৰ পিতৃ পি এ চাংমাই লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰি মেঘালয়ৰ ৰাজনীতিত অংশ লোৱাৰ পাছতেই সেই সমষ্টিৰ পৰা আগাথা নিৰ্বাচিত হৈছিল লোকসভালৈ।

দিল্লীৰ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে প্ৰথমে কৰ্মজীৱনৰ পাতনি মেলা আগাথা এগৰাকী ভাল পৰিৱেশবিদ। ইংলেণ্ডৰ পৰা এনভাইৰ'মেন্টেল মেনেজমেন্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল আগাথাই। ২০১৭চনৰ নবেম্বৰত মেঘালয় বিধানসভা নিৰ্বাচনত এন পি পি দলৰ পৰা ছাউথ তুৰা সমষ্টিত জয়ী সাব্যস্ত কৰিছিল আগাথাই।

কিন্তু পৰৱৰ্তী সময়ত তেওঁ এই পদ এৰি দিয়ে। সেই সমষ্টিৰ পৰা উপ-নিৰ্বাচনত মেঘালয় বিধানসভালৈ নিৰ্বাচিত হৈছিল তেওঁৰ ভাতৃ। আগাথাৰ এই বিবাহ অনুষ্ঠানত অসমৰ কেইবাগৰাকীও ৰাজনীতিবিদে অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in