কেন্টিনত গো-ভেড়াৰ মাংস নিষিদ্ধ কৰাৰ বাবে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভোটদান

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ চৌহদৰ কেন্টিনত গো মাংস আৰু ভেড়াৰ মাংস নিষিদ্ধ কৰাৰ বাবে শিক্ষাৰ্থীসকলে বাবে ভোট প্ৰদান কৰে। উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে বিশ্ববিদ্যালয় চৌহদত থকা কেন্টিনত গো মাংস-ভেড়াৰ মাংস নিষিদ্ধ কৰাৰ বাবে ভোটদান কৰে।

গো মাংস-ভেড়াৰ মাংস বিশ্ববিদ্যালয়খনত নিষিদ্ধ কৰাৰ বাবে কৰা এই ভোটদানে বিশ্ববিদ্যালয় চৌহদত সেউজ গেছ নিৰ্গমৰ মাত্ৰা হ্ৰাস কৰিব বুলি আশা ব্যক্ত কৰিছে শিক্ষাৰ্থীসকলে। উল্লেখযোগ্য যে, জলবায়ু পৰিবৰ্তন ৰোধৰ বাবে আৰু পৰিবেশৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত গৰু, ভেড়াৰ লগতে অন্যান্য জীৱ-জন্তুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মত প্ৰকাশ কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in