/asomiyapratidin/media/media_files/2025/12/11/new-ap-web-3-28-2025-12-11-20-16-53.jpg)
ডিজিটেল সংবাদ,নতুন দিল্লীঃ দিল্লীস্থ বেচৰকাৰী সংস্থা মাই হোম ইণ্ডিয়া আৰু নৰ্থ ইষ্ট মিডিয়া ফোৰামৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে নতুন দিল্লীত 'কল্যাণ বৰুৱা বঁটা' প্ৰদান কৰা হয়। প্ৰয়াত সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত তেওঁৰ ওপজা দিনত তৃতীয় বাৰ্ষিক কল্যাণ বৰুৱা এৱাৰ্ড ২০২৫ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/1-2025-12-11-20-13-22.jpeg)
বিয়লি ৪:৩০ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত বঁটা প্ৰদানকাৰী সংস্থাৰ তৰফৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ সাংবাদিকতা আৰু সাহিত্য জগতলৈ অৱদান আগবঢ়োৱা ৪ গৰাকী বিশিষ্ট সাংবাদিক তথা লিখকক সন্মান জনোৱা হয়। এই চাৰিগৰাকী সাংবাদিক হৈছে ক্ৰমে - পেজে মনালিছা চনকিজাৰ, অমল গোস্বামী, ক্ষেত্ৰিমায়ুম প্ৰেমচান্দে আৰু মৃদুল কুমাৰ সন্দিকৈ। এই চাৰিওগৰাকী ব্যক্তিক পৃথক পৃথক শাখাত বঁটা প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/w-2025-12-11-20-13-48.jpeg)
ইয়াৰে নাগালেণ্ড পেজৰ মনালিছা চানকিজালৈ কল্যাণ বৰুৱা জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হয়। কল্যাণ বৰুৱা ছপা মাধ্যম শাখাৰ বঁটা লাভ কৰে দৈনিক জনমভূমিৰ মুখ্য সাংবাদিক অমল গোস্বামীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/w-2025-12-11-20-14-23.jpeg)
বৈদ্যুতিন মাধ্যমৰ শাখাত বঁটা লাভ কৰে মণিপুৰৰ সাংবাদিক ক্ষেত্ৰিমায়ুম প্রেমচন্দে। একেদৰে ডিজিটেল মিডিয়া শিতানত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ মৃদুল কুমাৰ সন্দিকৈক কল্যাণ বৰুৱা বঁটা প্ৰদান কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/w-2025-12-11-20-14-48.jpeg)
লক্ষ্যণীয় যে, এই বঁটা প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাক ৰাষ্ট্ৰীয় মঞ্চত স্বীকৃতি দি অঞ্চলটোৰ সাহিত্য আৰু সংবাদ মাধ্যমৰ প্ৰতি এক বিশেষ মৰ্যাদা প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্বল ভূঞাৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বঁটা বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/11/1-2025-12-11-20-15-16.jpeg)
উল্লেখ কৰা প্ৰয়োজন, বেচৰকাৰী সংস্থা নৰ্থ-ইষ্ট মিডিয়া ফ’ৰাম’ আৰু ‘মাই হ’ম ইণ্ডিয়া’ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানৰ বঁটাৰ বাবে নিৰ্বাচিত কমিটিত আছে ৫গৰাকী জুৰি সদস্য। তেওঁলোক হৈছে- আকাশবাণীৰ সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তী, জ্যেষ্ঠ সাংবাদিক অচিন্ত বৰা, দ্য হিন্দুৰ সাংবাদিক সন্দীপ ফুকন, বি বি চিৰ শচীন গগৈ আৰু প্ৰফেচৰ শ্বাশ্বতী গোস্বামী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us