৯ আৰু ১০ ডিচেম্বৰত বন্ধ থাকিব কাজিৰঙাৰ অৰ্কিড পাৰ্ক…

ফাইল ফটো
ফাইল ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৯ আৰু ১০ ডিচেম্বৰত বন্ধ থাকিব কাজিৰঙাৰ অৰ্কিড পাৰ্ক।
  • নেছ'কে ধৰি বিভিন্ন সংগঠনে দিয়া বন্ধৰ আহ্বানৰ পৰিপ্ৰেক্ষিতত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দ্বাৰা প্ৰতিষ্ঠিত কাজিৰঙাৰ জাতীয় অৰ্কিড পাৰ্ক বন্ধ থাকিব বুলি জানিব পৰা গৈছে।
  • পৰ্যটকৰ বাবে এই দুদিনত পাৰ্কখন বন্ধ থাকিব।
  • লগতে পাৰ্কৰ ৰেষ্টুৰেন্টসমূহো বন্ধ থাকিব।
  • উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিবাদ।
  • ৰাজ্যৰ বিভিন্ন দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।
  • বিধেয়কখনৰ বিৰোধিতাৰে কেইবাটাও সংগঠনে সোমবাৰ আৰু মঙলবাৰে বন্ধৰ আহ্বান কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in