ওৰাঙত গৃহৰক্ষী বাহিনীৰ প্ৰতিবাদঃ চাকৰি নিয়মীয়াকৰণ-আৰক্ষী সমান্তৰালকৈ দৰমহা প্ৰদানৰ দাবী…

ওৰাঙত গৃহৰক্ষী বাহিনীৰ প্ৰতিবাদঃ চাকৰি নিয়মীয়াকৰণ-আৰক্ষী সমান্তৰালকৈ দৰমহা প্ৰদানৰ দাবী…

ডিজিটেল সংবাদ, ওৰাং: সমগ্ৰ অসমৰ লগতে বৃহস্পতিবাৰে ওৰাঙত গৃহৰক্ষী বাহিনীৰ জোৱানে সাব্যস্ত কৰে প্ৰতিবাদ। গৃহৰক্ষী বাহিনীৰ জোৱানৰ চাকৰি নিয়মীয়া কৰণৰ লগতে অসম আৰক্ষীৰ সমান্তৰালভাৱে দৰমহা বৃদ্ধিৰ দাৱীত সাব্যস্ত কৰে এই প্ৰতিবাদ৷

গৃহৰক্ষীৰ জোৱান সকলে কয় যে- অসম চৰকাৰ জোৱান সকলক প্ৰতাৰনা কৰি আহিছে৷ চৰকাৰে গৃহৰক্ষী সকলক যি সামান্য দৰমহা প্ৰদান কৰি আহিছে সেই দৰমহাৰে তেওঁলোকৰ পৰিয়াল চলোৱাত অসুবিধাৰ সৃষ্টি হৈছে। যিহেতু দিনকদিনে নিতৌ ব্যৱহাৰযোগ্য সামগ্ৰীৰ দাম আকাশলংঘী হৈছে৷

প্ৰতিবাদকাৰী জোৱান সকলে অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল লেই লেই চেই চেই, গৃহৰক্ষী বাহিনী জিন্দাবাদ আদি ধ্বনীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক ধক্কাৰ দিয়ে। অসম চৰকাৰে অতি সোনকালে জোৱান সকলৰ সমস্যা সমস্যা সমাধান নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে গৃহৰক্ষী বাহিনীৰ জোৱান সকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in