ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭

ওৰাং-গেলাবিলত ১৮ ঘণ্টাৰ ভিতৰত চাৰিটাকৈ দুৰ্ঘটনাত নিহত ১০, আহত ৭

ডিজিটেল সংবাদ, ওদালগুৰি/ওৰাংঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিল-ওৰাঙৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি। ১৮ ঘণ্টাৰ ব্যৱধানত সংঘটিত চাৰিটাকৈ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ বিপৰীতে ৭ জন লোক আহত হয়। প্ৰথমটো ঘটনা মঙলবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় থানাখনৰ অন্তৰ্গত নিছিলামাৰীৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। দুখনকৈ ট্ৰাকৰ মাজত সংঘটিত উক্ত দুৰ্ঘটনাত প্ৰথমাৱস্থাত পাঁচ জনকৈ লোক আহত হয় যদিও তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথত এজন লোকৰ মৃত্যু হয়।

এই দুৰ্ঘটনাত ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যানযঁট হোৱাৰ সময়তে মাজ নিশা প্ৰায় ২-৩০ বজাত গেলাবিলৰ একেটা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ৰৈ থকা মিঠাতেল ভৰ্তি ট্ৰাকৰ পিছপিনে বাইহাটা চাৰিআলিৰ পৰা বিবাহযাত্ৰীসহ আৰ্টিগা বাহনত অহা ৮ জনকৈ যুৱক থিতাতে নিহত হয়। এই শিহৰণকাৰী ঘটনা মাৰ নাযাওঁতেই বুধবাৰে সন্ধিয়া প্ৰায় ৪-৩০ বজাত উক্ত স্থানতে সংঘটিত হয় তৃতীয়টো পথ দুৰ্ঘটনা।

উক্ত দুৰ্ঘটনাত এজন স্কুটী আৰোহী নিহত হয়। ঘটনাৰ বিষয়ে জানিব পৰা মতে, মঙলবাৰে দুৰ্ঘটনা সংঘটিত হোৱা মিঠাতেল ভৰ্তি ট্ৰাকখনৰ পৰা তেলৰ কাৰ্টুনসমূহ অইন এখন ট্ৰাকত ভৰাবলৈ অনা নতুন ট্ৰাকখনৰ সন্মুখৰ চকাৰ তলত সোমাই পৰে স্কুটীসহ আৰোহী। ফলত স্কুটী আৰোহী অৰুণ নাৰ্জাৰীৰ মৃত্যু হোৱাৰ লগতে মালতী বসুমতাৰী নামৰ মহিলা এগৰাকী আহত হয়। নিহত নাৰ্জাৰীৰ ঘৰ হুগ্ৰাজুলিত বুলি জানিব পৰা গৈছে। আনহাতে ইয়াৰ পাছত সন্ধিয়া প্ৰায় ৬ বজাত গেলাবিলৰ অভিশপ্ত স্থানৰ কিছু নিলগত চতুৰ্থটো দুৰ্ঘটনা সংঘটিত হয়।

ঘৰত মাঙ্গলিক কাৰ্য থকাৰ বাবে বাহিৰলৈ অন্য এক কামত ওলাই অহা কুলদীপ চহৰীয়া নামৰ এজন যুৱকৰ মটৰ চাইকেল দুৰ্ঘটনাগ্ৰস্থ হয়। দুৰ্ঘটনাটোত কুলদীপৰ লগতে চন্দন কোঁচ নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিগত ১৮ ঘণ্টাৰ ভিতৰতে ওৰাং-গেলাবিলৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত চাৰিটাকৈ দুৰ্ঘটনাত ১০ জন লোক নিহত হোৱাৰ লগতে ৭ জনকৈ লোক আহত হোৱা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in