শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

ভাৰতত ভোট দিব নোৱাৰিব অক্ষয় কুমাৰ, আলিয়া, দীপিকা আৰু কেটৰীণাই…

2,515

ডিজিটেল ডেস্কঃ এতিয়া নিৰ্বাচনৰ বতৰ। দেশৰ প্ৰতিটো প্ৰান্ততে এতিয়া বলিছে নিৰ্বাচনৰ বতাহ। প্ৰতিজন লোকেই পচন্দৰ প্ৰাৰ্থীক ভোট দি সাব্যস্ত কৰিছে ভোটাধিকাৰ। এইক্ষেত্ৰত পিছ পৰি ৰোৱা নাই বলিউদৰ অভিনেতা-অভিনেত্ৰী সকলো। বলিউদৰ কেইবাজনো অভিনেতা-অভিনেত্ৰী এইবাৰৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে বহুতে বিভিন্ন দলৰ হৈ প্ৰচাৰ কাৰ্যসূচীতো অংশ লৈছে।

দেশৰ জনগণক বিভিন্ন সময়ত সজাগ-সচেতন কৰাৰ ক্ষেত্ৰত আগত থকা এই অভিনেতা সকলৰ কিছু অভিনেতাই ভাৰতবৰ্ষত সাব্যস্ত কৰিব নোৱাৰে ভোটাধিকাৰ। ইয়াৰ ভিতৰত আছে অভিনেতা অক্ষয় কুমাৰ, কেটৰীণা কেঈফ, দীপিকা পাডুকণ আৰু আলিয়া ভট্ট।

খবৰ অনুসৰি, জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ভাৰতবৰ্ষত ভোটদান কৰিব নোৱাৰৰ কাৰণ হ’ল অক্ষয় ভাৰতৰ লগতে কানাডাৰো নাগৰিকত্ব আছে। ঠিক তেনেকৈয়ে আলিয়া ভট্টৰো আছে বিট্ৰিছ নাগৰিকত্ব। মাতৃ সৌনী ৰাজদানৰ বিট্ৰিছ নাগৰিকত্বৰ সূত্ৰে আলিয়াই লাভ কৰিছিল এই নাগৰিকত্ব।কিছু দিনৰ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলা দীপিকাই ভাৰতবৰ্ষত ভোটদান কৰিব নোৱাৰাৰ কাৰণ হ’ল দীপিকাৰ আছে ডেনিছৰ নাগৰিকত্ব। ঠিক তেনেকৈয়ে কেটৰীণাৰো নাই ভাৰতীয় নাগৰিকত্ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি