৫০০০ গৃহৰক্ষীক প্ৰশিক্ষণ প্ৰদানৰ তীব্ৰ বিৰোধিতা...

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই চৰকাৰৰ কেবিনেটত লোৱা উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫০০০ গৃহৰক্ষী প্ৰশিক্ষণ বন্ধৰ দাবী জনায় ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-18 at 6.20.53 PM

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ  অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫০০০ গৃহৰক্ষীৰ প্ৰশিক্ষণ দিবলৈ ৰাজ্য চৰকাৰে লোৱা শেহতীয়া কেবিনেট সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই  ৷

আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক যৌথ সংবাদমেল যোগে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই চৰকাৰৰ কেবিনেটত লোৱা উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫০০০ গৃহৰক্ষী প্ৰশিক্ষণ বন্ধৰ দাবী জনায় ৷

সংবাদমেল সম্বোধন কৰি সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি জিতেন চন্দ্ৰ বৰ্মন, সাধাৰণ সম্পাদক বৰহান কাৰ্জি আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনে কয় যে বৰ্তমানৰ চৰকাৰখনে একপক্ষীয়ভাৱে ১৯৪৭ চনৰ অসম গৃহৰক্ষী আইন ২০১৫ চনত সংশোধিত নিয়মাৱলীক ধূলিসাৎ কৰিছে ৷

বৰ্তমান অসমত সৰ্বমুঠ ২৬,৬৯৬ গৰাকী প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আছে ৷ ইয়াৰে ১৬,৫০০ গৰাকী কৰ্মত নিয়োজিত হৈ থকাৰ বিআৰীতে ৮১৯৬ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী কৰ্মহীন হৈ আছে ৷ তেনেস্থলত অসম গৃহৰক্ষী বাহিনীত নতুনকৈ ৫০০০ যুৱক-যুৱতীক গৃহৰক্ষী প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত কোনো ক্ষেত্ৰতে মানি লোৱা নহব বুলি হুংকাৰ প্ৰদান কৰিছে সন্থাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক পুণৰাই ৫০০০ যুৱক-যুৱতীক অসম গৃহৰক্ষী বাহিনীত প্ৰশিক্ষণৰ সিদ্বান্তক বাতিল কৰিবলৈ দাবী জনাইছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাই।ইয়াৰ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে গৃহৰক্ষী সকল ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠন দুটাই ।

তদুপৰি ইয়াৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰেই দায়ী হব বুলি সংবাদ মেলযোগে সঁকিয়াই দিছে সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি জীতেন ৰায়, সাধাৰণ সম্পাদক বৰহান কাৰ্জি আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ সাধাৰণ সম্পাদক সাহাদত হুছেইনে । 

কোকৰাঝাৰ গৃহৰক্ষী জোৱান