মাজুলী কাৰ্যনিৰ্বাহকৰ নাগৰিকত্ব সংশোধনী প্ৰস্তাৱক লৈ ক্ষুন্ন বিজেপিৰ তৃণমূল কৰ্মী

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনেী বিধেয়কক লৈ মাজুলীত ৰাজ্যিক কাৰ্যনিৰ্বাহকত বিজেপিয়ে গ্ৰহণ কৰা স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হিন্দু বাংলাদেশী সংস্থাপনৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ শাসকীয় দলটোৰ এই তৎপৰতাক সহজ ভাৱে লোৱা নাই দলটোৰে একাংশ তৃমমূল নেতা কৰ্মীয়ে।

সোণোৱাল চৰকাৰক অস্বস্তিৰ মাজলৈ ঠেলি দিয়া এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে বিজেপিৰ একাংশ তৃণমূল কৰ্মী। দলীয় অনুশাসনৰ ভয়ত মুখ খুলি একো নকলেও এই সিদ্ধান্তই যে জাতি-মাটিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব সেয়া তেওঁলোকে অনুমান কৰিব পাৰিছে।

ইফালে, বিজেপিৰ সৈতে শাসনত থকা অগপৰ নেতৃত্বৰ প্ৰতিও অসন্তুষ্টি ব্যক্ত কৰিছে অগপৰ নেতা তথা কৰ্মকৰ্তাই। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে হ'ব নিদিও বুলি হুংকাৰ দিয়া অগপ নেতৃত্বই ইয়াৰ পিছতো কিন্তু বিজেপিৰ সৈতে দিছপুৰ শাসনত অধিষ্ঠিত হৈ আছে।

সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বইও বিজেপিৰ সিদ্ধান্তৰ বিৰুদ্ধে সকিয়নী প্ৰদান কৰিছে। আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু দিপাংকৰ নাথে এনে সিদ্ধান্ত কোনো কাৰণতে হ'ব নিদিও বুলি হুংকাৰ দিছে।

ইফালে, কৃষক মুক্তি সংগ্ৰাংম সমিতিয়ে মাজুলীত এই বিধেয়কৰ সপক্ষে যুক্তি দিবলৈ গৈ মানুহক উচতোৱাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

এইখিনিতে লক্ষণীয় যে, হিন্দু নাগৰিকত্বৰ বিৰুদ্ধে কৃষক মুক্তিৰ সৈতে সুৰ মিলাইছিল সুকুমাৰ বিশ্বাসৰ নেতৃত্বাধীন কেইটামান ভাষিক সংখ্যালঘু সংগঠনে। এই সংগঠনকেইটাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতিছিল যদিও এজন বিতৰ্কিত বিধায়কৰ পৃষ্ঠপোষকতাত গুৱাহাটীত প্ৰথম বাৰৰ বাবে ১৭ নৱেম্বৰত এই বিধেয়কৰ সমৰ্থনত এক অভিৱৰ্তন আয়োজন কৰিছে।

এই ধৰণৰ ঘটনা এতিয়া ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিক লৈও জটিলতা অহাৰ সম্ভাৱনা দেখা দিছে। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আদালতে নিৰ্দেশ দিয়াৰ পিছত ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰদৰ্শন কৰা এই তৎপৰতাক লৈও ৰহস্যৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in