দ’ নলাত পৰিল ৩ বছৰীয়া শিশু, উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত…

দ’ নলাত পৰিল ৩ বছৰীয়া শিশু, উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত…

ডিজিটেল ডেস্কঃ মুম্বাইৰ আম্বেদকাৰ নগৰত বুধবাৰে এটা নলাত পৰি নিৰুদ্দেশ হোৱা ৩ বছৰীয়া শিশুৰ বৰ্তমানলৈ উদ্ধাৰকাৰী দলে লাভ কৰা নাই কোনো শুংসূত্ৰ। বুধবাৰে নিশা প্ৰায় ১০.২৫ বজাৰ পৰা সন্ধানহীন হৈ আছে শিশুটি। দিব্যাংশ গৰেগাৱ নামৰ শিশুটিক উদ্ধাৰ কৰাৰ বাবে বৃহস্পতিবাৰে নিশাও অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

উল্লেখ্য যে,বুধবাৰে নিশা শিশুটি ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰলোকে শিশুটিক বিচাৰি নোপোৱাত যেতিয়া হাহাকাৰ সৃষ্টি হয়।তাৰপাছত শিশুটিৰ সন্ধানবিচৰাত চিচিটিভি ফুটেজ চোৱা পাছতহে জানিব পৰা যায় প্ৰকৃত ঘটনা।

শিশুটি ঘৰৰ পৰা পথলৈওলাই গৈ থকা সময়তে বাগৰি পৰে দ' নলাত। শিশুটিক উদ্ধাৰ কৰিবলৈ বি এম চি, আৰক্ষী,উদ্ধাৰকাৰী দলে বুধবাৰে নিশা উদ্ধাৰ অভিযান চলাই যদিও কোনো সন্ধান নাপায় শিশুটিৰ।বোম্বাই পৌৰ নিগমে এই নলাটোত কোনো লোক সোমাই নোযোৱাকৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতক্ষোভিত অভিভাৱকে পথত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in