ভূস্বৰ্গত নতুন দিনঃ কাশ্মীৰৰ চৰকাৰী কাৰ্যালয়ত প্ৰথমবাৰলৈ উৰিল ত্ৰিৰংগা…

ভূস্বৰ্গত নতুন দিনঃ কাশ্মীৰৰ চৰকাৰী কাৰ্যালয়ত প্ৰথমবাৰলৈ উৰিল ত্ৰিৰংগা…

ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সংবিধাৰ ধাৰা ৩৭০ বিলুপ্তি ঘটোৱাৰ পিছত প্ৰথমবাৰলৈ জম্মু-কাশ্মীৰৰ চৰকাৰী কাৰ্যালয়ৰ আকাশত উৰিল ত্ৰিৰংগা। জম্মু-কাশ্মীৰ প্ৰশাসনৰ এক সূত্ৰই সদৰী কৰা মতে, দেওবাৰৰ পৰা ৰাজ্যখনৰ সকলো চৰকাৰী কাৰ্যালয়তে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰ কৰা হয়।

উল্লেখ্য যে, দেশ একে হ'লেও পূৰ্বে পৃথক আছিল ভাৰত আৰু জম্মু-কাশ্মীৰৰ জাতীয় পতাকা। ১৯৫২ চনৰ পৰাই পৃথক পতাকা ব্যৱহাৰ কৰি অহা হৈছিল জম্মু-কাশ্মীৰত। অন্তৰ্ভূক্তি চুক্তিৰ জৰিয়তে জম্মু-কাশ্মীৰক বিশেষাধিকাৰ প্ৰদানত এই পৃথক পতাকাৰ বিষয়টোৱেও স্থান লাভ কৰিছিল। কিন্তু মোডী চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ পৰা ধাৰা ৩৭০ উঠাই লৈ বিশেষাধিকাৰ কৰ্তন কৰাৰ পিছতে ৰাজ্যখনৰ নিজস্ব জাতীয় পতাকাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰি বিগত কিছু দিন ধৰি জম্মু-কাশ্মীৰৰ চৰকাৰী কাৰ্যালয়ৰ পৰা নিজস্ব পতাকা আতৰাই ভাৰতীয় পতাকা ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হয় আৰু দেওবাৰে সম্পূৰ্ণৰূপে জম্মু-কাশ্মীৰত ভাৰতীয় ত্ৰিংৰগা পতাকাক মান্যতা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in