অনলাইন শ্বপিঙৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান

অনলাইন শ্বপিঙৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান

 উৰ্বশী ফুকন

অনলাইন শ্বপিং আজিৰ যুগত সকলোৰে বাবে এটি পৰিচিত বজাৰ ব্যৱস্থা। অনলাইন শ্বপিং কি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে নতুনকৈ এতিয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই আধুনিক ব্যৱস্থাটোৰ বিষয়ে জ্ঞাত। ১৯৭৯ চনত মাইকেল এলড্ৰিক নামৰ এগৰাকী ব্ৰিটিছ উদ্যোগীয়ে আৱিষ্কাৰ কৰিছিল অনলাইন শ্বপিং ব্যৱস্থাৰ। সেই আৱিষ্কাৰেই পিচলৈ সমগ্ৰ বিশ্বজুৰি প্ৰসাৰিত হৈ এক নতুন যুগৰ সূচনা হয়।

ভাৰতত ইয়াৰ আৰম্ভণি সম্পৰ্কে নিৰ্দিষ্ট তথ্য পোৱা নাযায় যদিও অনলাইন তথ্য অনুসৰি ১৯৯৮ চনত ভাৰতত প্ৰথমবাৰলৈ চেন্নাই বজাৰে আৰম্ভ কৰিছিল অনলাইন শ্বপিং সেৱা। ইয়াৰ পিছৰে পৰা ক্ৰমান্বয়ে এই উদ্যোগটোত অন্তৰ্ভুক্ত হৈছিল বিভিন্ন প্ৰতিষ্ঠানৰ নাম। সম্প্ৰতি ভাৰতৰ এই অনলাইন শ্বপিং উদ্যোগটোৱে এনে এক গতি লাভ কৰিছে যে বহু বিদেশী প্ৰতিষ্ঠানেও ভাৰতত বিনিয়োগৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। অনলাইন শ্বপিং হৈছে ইলেক্ট্ৰনিক কমাৰ্চৰ এটা ভাগ। ইয়াক ই-কমাৰ্চৰ ভিতৰতে সামৰি লোৱা হয়।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ই-কমাৰ্চে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অহা ২০২১ৰ ভিতৰত ভাৰতে ১০০ বিলিয়ন ডলাৰ (৬,৯০,৯৫০ কোটি টকা) অনলাইন খুচুৰা ৰাজহ আহৰণ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াত ৩৫ বিলিয়ন ডলাৰৰ অৰিহণা যোগাব ফেশ্বন ই-কমাৰ্চে। বাৰ্ষিক হিচাপত দেশৰ ই-কমাৰ্চৰ বজাৰখনে ৪০ শতাংশ হাৰত বিকাশ লাভ কৰি আছে। মুঠৰ ওপৰত ই-কমাৰ্চে ভাৰতত ব্যৱসায়ৰ ৰেহ-ৰূপেই সলনি কৰি দিছে।

কিন্তু এইখিনিতে চিন্তনীয় বিষয়টো হৈছে অনলাইন শ্বপিং কিমান নিৰাপদ। সময় ৰাহি কৰিবলৈ সক্ষম বুলি দাবী কৰা এই ব্যৱস্থাই প্ৰকৃততে আমাৰ সময় ৰাহি কৰিছেনে! ই আমাক ভৱিষ্যতৰ সম্ভাৱ্য বিপদৰ গৰাহলৈ ঠেলি দিছে নেকি! নিতৌ উদ্ভাৱন হৈ থকা প্ৰযুক্তিৰ ইতিবাচক আৰু নেতিবাচক দিশৰ দৰে অনলাইন শ্বপিঙৰো এই দুয়োটা দিশেই আমি দেখিবলৈ পাঁও।

সম্প্ৰতি কৰ্মব্যস্ততাৰ বাবে পৰম্পৰাগত খুচুৰা বিপণীলৈ গৈ পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰাতো বহুতৰ পক্ষে সম্ভৱ নহয়। সময়ৰ যিহেতু নাটনি, গতিকে সদায় ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটোৰ স্ক্ৰীণত পছন্দৰ এপ্লিকেশ্যন খুলি এটা ক্লিক কৰিয়েই ঘৰৰ দুৱাৰডলিতে আমাৰ অৰ্ডাৰকৃত সামগ্ৰী লাভ কৰিব পাৰো। ইয়াৰ লগতে অনলাইন শ্বপিঙৰ আন কেইটামান ইতিবাচক দিশ হ'ল-

সামগ্ৰীৰ অধিক প্ৰকাৰঃ অনলাইন প্ৰতিষ্ঠানসমূহে বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰকাৰ সদায়ে অতুলনীয়। কেৱল এটা এপ্লিকেশ্যনতে দেশী-বিদেশী বহু জনপ্ৰিয় ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা পাব পাৰি। কিছুমান প্ৰতিষ্ঠানে তেওঁলোকৰ মজুত শেষ হোৱা সামগ্ৰীৰ পুনৰ সহজলভ্যতাৰ বিষয়েও গ্ৰাহকক অৱগত হোৱাৰ সুবিধা আগবঢ়ায়। অধিক প্ৰকাৰৰ সামগ্ৰী মজুত ৰখাৰ বাবে ফেশ্যনৰ শেহতীয়া ট্ৰেণ্ড অনুকৰণ কৰাটোও গ্ৰাহকৰ বাবে সহজ হৈ পৰিছে।

উপহাৰ প্ৰেৰণঃ দূৰত্ব বা সময়ৰ অজুহাত দেখুৱাই এতিয়া আপোনজনলৈ উপহাৰ প্ৰেৰণৰ পৰা বিৰত থকাৰো প্ৰয়োজন নাই। উপহাৰ নিৰ্বাচন কৰি ইয়াৰ মাচুল অনলাইনযোগে আদায় দি আপোনজনৰ ঠিকনা দিলেই কাম সমাধা হৈ যায়।

ভিৰৰ পৰা পৰিত্ৰাণঃ শীতকালৰ কথা যেনিবা সুকীয়া। কিন্তু গ্ৰীষ্মকালৰ প্ৰখৰ ৰ'দত গাৰ ঘাম মচি কোলাহলৰ মাজত পছন্দৰ সামগ্ৰী বিচৰা কামটো যেন আজিকালি অসহনীয় হৈ পৰিছে। বিশেষকৈ উৎসৱৰ সময়ছোৱাত ই অত্যধিক অসহনীয় হৈ পৰে। কিছুক্ষেত্ৰত ই যেন মূৰ কামোৰণিৰহে সৃষ্টি কৰে। গতিকে ঘৰতে বহি শান্তিৰে অনলাইন শ্বপিঙৰ সুবিধা গ্ৰহণ কৰাটোৱে শ্ৰেয়। বজাৰো হ'ল, সময়ো বাচিল।

কম মূল্যঃ সাধাৰণতে কোনো উৎসৱ-পাৰ্বনতহে আমি এযোৰ ধুনীয়া পোছাক ক্ৰয় কৰাৰ কথা ভাবো। ইপিনে উৎসৱৰ সময়ছোৱাতটো অধিকাংশ অনলাইন প্ৰতিষ্ঠানেই বিভিন্ন শাখাৰ সামগ্ৰীত আকৰ্ষণীয় ৰেহাই আগবঢ়ায়। গতিকে পৰম্পৰাগত খুচুৰা বিপণীৰ তুলনাত এযোৰ সুন্দৰ পোছাক কম মূল্যতে পোৱা যায়।

কেশ্ব অন ডেলিভাৰীঃ ভাৰতত প্ৰায় ৭৫ শতাংশ অনলাইন গ্ৰাহকে কেশ্ব অন ডেলিভাৰীৰ সুবিধা গ্ৰহণৰ প্ৰতি আগ্ৰহী। অনলাইনযোগে মাচুল আদায় দিয়াৰ পৰিৱৰ্তে এই পদ্ধতি অধিক পছন্দ কৰে ভাৰতীয় সকলে।

বিক্ৰেতাৰ হেঁচাঃ পৰম্পৰাগত খুচুৰা বজাৰত দোকানৰ ভিতৰত প্ৰৱেশ কৰা মাত্ৰেই ছেলছমেনে (বিক্ৰী কৰ্মী) আগুৰি ধৰে। কেতিয়াবা ইয়াৰ পৰিপ্ৰেক্ষিতত অনিচ্ছাস্বত্তেও অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলগীয়া হয়। অনলাইন শ্বপিং ব্যৱস্থাত গ্ৰাহকে মুক্তভাৱে বজাৰৰ আনন্দ উপভোগ কৰিব পাৰে।

অনলাইন শ্বপিং ব্যৱস্থাই কম সময়তে ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে যদিও এই ব্যৱস্থাৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়াও কিছু আশংকা পৰিলক্ষিত হয়। আৰম্ভণিতে এই ব্যৱস্থাই গ্ৰাহকৰ বিশ্বাস জয় কৰিছিল যদিও উপভোক্তাৰ আদালতত বিভিন্ন প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অনলাইন শ্বপিঙৰ প্ৰতি আস্থা হেৰুৱাইছে গ্ৰাহকে।

এই ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত বিক্ৰেতাৰ সবিশেষ তথ্য ভালদৰে নিৰীক্ষণ নকৰাকৈয়ে অনলাইন প্ৰতিষ্ঠানৰ প্লেটফৰ্মৰ জৰিয়তে সামগ্ৰী বিক্ৰীৰ অনুমতি দিয়াত বহু প্ৰবঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে, যিবোৰ সময়ে সময়ে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আহিছে। এনে কিছুমান আসোঁৱাহৰ লগতে অনলাইন শ্বপিং ব্যৱস্থাৰ কেইটামান নেতিবাচক দিশ আগবঢ়োৱা হ'ল-

ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰৱণতাঃ অনলাইন শ্বপিং ব্যৱস্থা জনপ্ৰিয় হোৱাৰ সময়তে বিভিন্ন দূৰসংযোগ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে কম মূল্যতে অধিক ডাটা আগবঢ়োৱাৰ ফলত কিশোৰসকল ইয়াৰ প্ৰতি অধিক আসক্ত হোৱা দেখা যায়। সামগ্ৰীৰ সহজলভ্যতাৰ বাবে অধিক ব্ৰেণ্ড সচেতন হ'ব ধৰিছে। সন্তানৰ এনে আসক্তিয়ে স্বাভাৱিকতে চিন্তান্বিত কৰি তুলিছে অভিভাৱকসকলক।

সামগ্ৰীৰ মানদণ্ডঃ চকুৰে চাই, হাতেৰে স্পৰ্শ কৰিও কেতিয়াবা আমি ক্ৰয় কৰা সামগ্ৰীবিধক লৈ অনুতাপ কৰিবলগীয়া হয়। তেনেস্থলত কেৱল প্ৰদৰ্শিত সামগ্ৰীৰ গুণাগুণৰ তথ্য পঢ়িয়ে সামগ্ৰী ক্ৰয় কৰাটো কিমান সমীচিন। তদুপৰি কিছুক্ষেৰ্তত প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা তথ্যপাতিৰ সৈতেও সামগ্ৰীৰ কোনো ধৰণৰ সামঞ্জস্য দেখিবলৈ পোৱা নাযায়।

প্ৰকৃত বজাৰৰ মাদকতাঃ অনলাইন শ্বপিং ব্যৱস্থাৰ আৰম্ভণিৰ লগে লগে পৰম্পৰাগত খুচুৰা বজাৰৰ প্ৰতি ই প্ৰত্যাহ্বান স্বৰূপ হৈ পৰে। কিন্তু তৎস্বত্ত্বেও পূৰ্বৰ দৰেই ব্যৱসায় কৰি আছে এই অফলাইন বজাৰে। কিয়নো প্ৰকৃত বজাৰৰ মাদকতা এতিয়াও পৰম্পৰাগত অফলাইন বিপণীতেই বিচাৰি পোৱা যায়। মোবাইলৰ ৫-৬ ইঞ্চিৰ এখন স্ক্ৰীণত সামগ্ৰী জুম কৰি চোৱাৰ বিপৰীতে বিপণীত প্ৰত্যক্ষভাৱে লিৰিকি বিদাৰি চোৱাৰ আমোদেই বেলেগ।

ক্ৰেডিট-ডেবিট কাৰ্ড অপব্যৱহাৰৰ আশংকাঃ অনলাইন খুচুৰা সামগ্ৰী বিক্ৰেতা প্ৰতিষ্ঠানসমূহে কেশ্ব অন ডেলিভাৰীৰ সুবিধা আগবঢ়াই যাদিও কেতিয়াবা কিছুমান ক্ষেত্ৰত ক্ৰেডিট-ডেবিট কাৰ্ড ব্যৱহাৰ কৰাটো আৱশ্যক হৈ পৰে। এনেক্ষেত্ৰত কেতিয়াবা প্ৰবঞ্চিত হোৱাৰ বা তথ্য পাতিৰ অপব্যৱহাৰৰো আশংকা থাকে।

তদুপৰি অনলাইন শ্বপিং ব্যৱস্থাত সামগ্ৰীৰ সত্যতা প্ৰতিপন্ন কৰাটোও সহজ নহয়। অৰ্ডাৰকৃত সামগ্ৰীৰ যোগান লাভ কৰাৰ পিছতে ইয়াৰ সত্যতা প্ৰমাণিত হয়। শেহতীয়াকৈ গ্ৰাহকৰ অৰ্ডাৰকৃত সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত বহু আসোঁৱাহ দেখিবলৈ পোৱা গৈছে। সামগ্ৰীৰ যোগানৰ সময়তে পেকেজিং খুলি নিৰ্দিষ্ট সামগ্ৰীবিধৰ সাল-সলনি কৰাৰো বহু ঘটনা পোহৰলৈ আহিছে। ব্যৱসায়িক লাভৰ উদ্দেশ্যেৰে প্ৰসাৰিত এই অনলাইন শ্বপিং ব্যৱস্থাৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহৰ বিষয়ে সবিশেষ জানি এই বৈপ্লৱিক ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিলে সম্ভাৱ্য লোকচানৰ পৰা হাত সাৰিব পাৰিব গ্ৰাহকসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in