শেহতীয়া খবৰ
অৱশেষত কংগ্ৰেছত যোগদান এসময়ৰ বিজেপিৰ বহুবল্কী সাংসদ আৰ পি শৰ্মাৰ...  •  'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প

সাৱধানঃ বেংকত নিযুক্তিৰ ভুৱা বিজ্ঞাপনত ভোল নাযাব, শিলচৰত গ্ৰেপ্তাৰ প্ৰৱঞ্চক…

277

ডিজিটেল সংবাদ,শিলচৰঃ চেন্ত্ৰেল বেংক অৱ ইণ্ডিয়াৰ ভুৱা বিজ্ঞাপন দি বৃহস্পতিবাৰে সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সময়তে এজন প্ৰৱঞ্চকক হাতে লোটে ধৰা পেলায় একাংশ চাকৰিপ্ৰাৰ্থীয়ে ৷ শিলচৰৰ ‘গেট ৱে হোটেল’ত সাক্ষাৎকাৰৰ লোৱা সময়তে আৰক্ষীক গতাই দিয়া হয় প্ৰৱঞ্চক জনক ৷

ৰাজা দাস

যোৱা ২৭ জুলাইত অনলাইন জৰিয়তে OLX আৰু NAKARI.COM ৱেভ চাইটত দুটাত চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কেবাটাও খালী হোৱা পদত চাকৰিৰ বাবে বিজ্ঞাপন লাভ লাভ কৰে বৰাকৰ এই সকল শিক্ষিত নিবনুৱা যুৱকে ৷ সেই বিজ্ঞাপনত দিয়া এটা মোবাইল ফোন নম্বৰত যোগাযোগ কৰে নিবনুৱা যুৱক সকলে ৷

ফোনত চাকৰি প্ৰাৰ্থী সকলক বৃহস্পতিবাৰে শিলচৰৰ গেট ৱে হোটেলত উপস্হিত হবলৈ অনুৰোধ কৰে ৰাজা দাস নামৰ কৰিমগঞ্জৰ প্ৰৱঞ্চক জনে ৷ সেই মতে, ১৮ জন যুৱক যুৱতী উপস্থিত হয় হোটেল গেট ৱেত ৷

হোটেলৰ এটা কোঠাৰ বিচনাত চাকৰিৰ আবেদন গ্ৰহণ আৰু সাক্ষাৎকাৰ লোৱাৰ ধৰণ কৰন দেখি সন্দেহ হয় চাকৰি প্ৰাৰ্থী সকলৰ ৷ পিচত লগে লগে, শিলচৰৰ স্হানীয় চেন্ত্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰ্যলয়ত গৈ বিজ্ঞাপন সন্দৰ্ভত খা খবৰ লোৱাৰ পিচতে উৰহীৰ ইৰ ওলাই পৰে ৷ লগে লগে শিলচৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰৱঞ্চক ৰাজা দাসক আটক কৰে ৷ ইফালে, বেংকৰ ভুৱা বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলি স্বীকাৰ কৰে প্ৰৱঞ্চক ৰাজা দাসে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি