বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অহা ONGCৰ ১৩৩ বিষয়াৰ দুজন কোৰোনাত আক্ৰান্ত হোৱাৰ অভিযোগ…

বিশেষ বিমান যোগে বহিঃৰাজ্যৰ পৰা গেলেকী তৈলক্ষেত্ৰলৈ অহা ONGCৰ ১৩৩ বিষয়াৰ দুজন কোৰোনাত আক্ৰান্ত হোৱাৰ অভিযোগ…

ডিজিটেল সংবাদ,নামতিঃ শিৱসাগৰ জিলাৰ গেলেকীৰ নিবাসী তথা যোৱা ১৭ মে'ত দিল্লী ফেৰৎ আব্দুল ছামিম আখতাৰ নামৰ এজন ছাত্ৰৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱাৰ পাছত শিৱসাগৰ জিলাৰ প্ৰথমজন ক'ৰোনা ৰোগীক লৈ গেলেকী অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনত আতংকিত হৈ পৰিছিল | ঠিক তেনে সময়তে আজি এক বিশেষ বিমান যোগে অ' এন জি চি অসম সম্পদৰ অধীনৰ গেলেকী তৈলক্ষেত্ৰলৈ বহিঃৰাজ্যৰ পৰা ১৩৩ (এশ তেত্ৰিছ ) জন বিষয়া আগমন ঘটিছে।

উল্লেখ্য যে, দিল্লী, মুম্বাই, গুজৰাট আদি ক'ৰোনা আক্ৰান্ত ৰাজ্যৰ পৰা অহা অ' এন জি চিৰ এই বিষয়াসকলৰ শিৱসাগৰ জিলাৰ গেলেকীত উপস্থিত হোৱাত গেলেকীবাসীৰ লগতে সমীপৱৰ্তী অঞ্চলসমূহৰ ৰাইজক আতংকিত কৰি তুলিছে। ইফালে বহিঃৰাজ্য ফেৰৎ এই বিষয়াসকলক লৈ শংকিত হৈ পৰা বহু থলুৱা বিষয়া-কৰ্মচাৰীয়ে এতিয়া কৰ্মক্ষেত্ৰ ত্যাগ কৰিবলৈ চেষ্টা কৰাও অভিযোগ উঠিছে।আনহাতে এই বিষয়াসকলক গেলেকী ডি.এছ.এ কলনীত হোম কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাত অধিক চিন্তিত হৈ পৰিছে নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে গেলেকীবাসী সাধাৰণ ৰাইজ।

জানিব পৰা মতে, অ' এন জি চি গেলেকী তৈলক্ষেত্ৰত জি.জি.এছ-১, জি.জি.এছ-২, জি.জি.এছ-৩, চি টি এফ আৰু খনন আৰু উৎপাদন ৰীগত 'অনঅফ' ভিত্তিত বহিঃৰাজ্য গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যৰ বহু বিষয়া কৰ্মৰত হৈ আছে। প্ৰথম লক'ডাউনৰ পূৰ্বে নিজ ৰাজ্যলৈ যোৱা এইসকল বিষয়াই এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে কিছু শিথিলতা প্ৰৱৰ্তন কৰাত বিষয়াসকলক পুনৰ কৰ্মক্ষেত্ৰ লৈ উভতাই অনাৰ বাবে অ' এন জি চি কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছিল ।যাৰবাবে অ' এন জি চিয়ে আজি এক বিশেষ চাৰ্টাৰদ বিমানযোগে এই বিষয়াসকলক ডিব্ৰুগড় বিমান বন্দৰত অৱতৰণ কৰে।

এই বিষয়াসকলক নিগম কৰ্তৃপক্ষই পোনে পোনে গেলেকী তৈলক্ষেত্ৰৰ ডি.এছ.এ কলনীলৈ ৯৩ জন হোম কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু আন ৪০ জনক নাজিৰাত ৰাখিছে বুলি জানিব পৰা গৈছে । ইয়াৰ পাছতহে বিষয়াসকলক কৰ্মত যোগদানৰ ব্যৱস্থা কৰিব ।এই খবৰ বনজুইৰ দৰে গেলেকীবাসী ৰাইজৰ মাজত বিয়পি পৰাত এতিয়া আধিক আতংকিত হৈ পৰিছে নিগমৰ গেলেকী তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ।

ইতিমধ্যে নিগমৰ বহু থলুৱা কৰ্মচাৰীয়ে বহিঃৰাজ্য ফেৰৎ এইসকল কৰ্মচাৰীয়ে গেলেকীত পদাৰ্পণ কৰাৰ পূৰ্বে কৰ্মস্থলীৰ পৰা পলায়ন চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । কিয়নো শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী আৰু চাহ বাগিচা অধ্যুষিত গেলেকীৰ সৰ্বসাধাৰণ ৰাইজ এই কৰ'না মহামাৰীৰ ক্ষেত্ৰত বিশেষ সচেতন নহয়।

এই বিষয়াসকল গেলেকী আহি পোৱাৰ পাছত ক'ৰোনা সংক্ৰমিত হ'লে সীমান্তঅঞ্চলটোত এক অ-নিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । প্ৰাপ্ত অভিযোগ অনুসৰি, অ'এন.জি.চিৰ বিষয়া গেলেকী তৈলক্ষেত্ৰৰ ডি.এছ.এ কলনীলৈ সোমাই আহোঁতে বহুজনে মুখত মাস্ক নলগোৱাৰ লগতে সামাজিক দূৰত্ব একেবাৰে মনা নাই। সেয়েহে অ' এন জি চি গেলেকী তৈলক্ষেত্ৰৰ বহু কৰ্মচাৰীৰ লগতে গেলেকী সাধাৰণ ৰাইজে বহিঃৰাজ্য ফেৰৎ এইসকল বিষয়াক অসমলৈ অনাত আপত্তি কৰা নাই যদিও ডিব্ৰুগড়ত বিমানৰ পৰা নমাৰ পাছতে ডিব্ৰুগড়তে হোম কুৱাৰেণ্টাইন নকৰাটোত অধিক আতংকিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in