১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. লখিমপুৰৰ বঙালমৰাত নকল সোণৰ বেহা। এইবাৰ প্ৰৱঞ্চকৰ টাৰ্গেট তামিলনাডুৰ যুৱক।

২. 'এতিয়া CAA বিৰোধী আন্দোলন চলা নাই, বিজেপি উৎখাতৰহে অভিযান চলিছে' বৃহস্পতিবাৰে সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৩. সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় CAAৰ পক্ষত গ'লেও আমি মানি নলওঁ। সংশোধিত নাগৰিকত্ব আইনে অসমতে সংখ্যালঘু কৰিব অসমীয়াক। CAA সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ।

৪. শুকুৰবৰৰ পৰা আনুষ্ঠনিকভাৱে আৰম্ভ হ'ব তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছ। সৰুসজাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিব মেগা সমাৰোহখনিৰ। 

৫. নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বৃহস্পতিবাৰে গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থলুৱা বাদ্যযন্ত্ৰ লৈ ৰণশিঙা বজালে আছুৱে। গুৱাহাটীত শিল্পী সমাজৰ উদ্যোগত ৰূপায়ন কৰা হ'ল এই কাৰ্যসূচী। 

৬. জে এন ইউৰ উপাচাৰ্যক আতৰোৱাৰ প্ৰসংগক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীৰ মন্তব্য। তেওঁ কলে- বিশ্ববিদ্যালয়ৰ পৰা আতৰাই দিব লাগে উপাৰ্চায জগদীশ কুমাৰক।

৭. ১০ জানুৱাৰীৰ নিশা ১০ বজাত প্ৰথমটো চন্দ্ৰ গ্ৰহণ। শুকুৰবাৰে নিশা ১০ বজাৰ পৰা ২ বজালৈ এই চন্দ্ৰ গ্ৰহণ।

৮. ৰাজধানী দিল্লীত কূটাঘাতৰ পৰিকল্পনা।বৃহস্পতিবাৰে গ্ৰেপ্তাৰ ৩ আই এছ আই এছৰ সদস্য।

৯. নয়দাৰ ই এছ আই মেডিকেলত বৃহস্পতিবাৰে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। হতাহত হোৱা নাই কোনো ৰোগীৰ।

১০. গুজৰাটৰ চুৰাটত বৃহস্পতিবাৰে এখন স্কুল বাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষৰ ফলত অগ্নিকাণ্ড। কেইবাগৰাকীও শিক্ষাৰ্থী আহত।

১১. এতিয়াও ৰহস্যৰ আৱৰ্তত ইৰানৰ দুৰ্ঘটনাগ্ৰস্থ বিমানৰ আঁৰৰ কাহিনী। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ক'লে- সত্য আমি পোহৰলৈ আনিমেই।

১২. সংবিধান ৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে কাশ্মীৰলৈ আহে ১৬ খন দেশৰ ৰাষ্ট্ৰদূত। বুজ লয় সাম্প্ৰতিক পৰিস্থিতি।

১৩. কানপুৰত বন্ধ থাকিব দ্বাদশ শ্ৰেণীলৈকে সকলো শিক্ষানুষ্ঠান। অহা ১০ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।

১৪. দিল্লীত জে এন ইউ ছাত্ৰ সমাজৰ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাতৰ সৃষ্টি।

১৫. 'মুম্বাইত বহি অভিনেত্ৰীয়ে নৃত্য কৰিব লাগে। কিন্তু জে এন ইউত কিয় যাব লগা হ'ব মই বুজি নাপালো'- এই মন্তব্য বিজেপি নেতা গোৱাৰ ভাৰ্গৱৰ।

১৬. চাপাক ছবিৰ বাবে পুডুচেৰীত টেক্সফ্ৰী কৰাৰ সিদ্ধান্ত। পুডুচেৰীৰ মুখ্য মন্ত্ৰালয়ৰ এই কথা ঘোষণা।

১৭. 'দেশত সেনা বাহিনীক প্ৰথমে ৰখা হয় আৰু আমাৰ দলেও তেওঁলোকক প্রথম স্থানত ৰাখে।'- এই মন্তব্য বিজেপি নেতা ৰাজ্যৱবৰ্ধন এছ ৰাথোৰৰ।

১৮. ৰিচাৰ্ড থালেক সাক্ষাৎ কৰে প্রধানমন্ত্ৰী মোডীয়ে। উল্লখ্য যে, থালেৰ নবেল বঁটা বিজয়ী ।

১৯. পশ্চিমবংগৰ নাইহাটাত বিস্ফোৰণ। বিস্ফোৰক নিষ্ক্ৰিয় কৰাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।

২০. 'ছোনিয়া গান্ধী আমাৰ দেশৰ বোৱাৰী।'- এই মন্তব্য বিজেপি জ্যেষ্ঠ নেত্ৰী উমা ভাৰতীৰ।

২১. গুজৰাটৰ গোৰৱাত গ্ৰেপ্তাৰ এটা অপৰাধীক। জাফাৰ আলী নামৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

২২. ছত্তীশগড়ৰ বিজাপুত ৬খন বালিভৰ্তি ট্ৰাকত অগ্নি সংযোগ। মাওবাদীয়ে জ্বলাই দিয়ে ট্ৰাক কেইখন।

২৩. দিল্লীৰত গ্ৰেপ্তাৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ৪২ লাখ টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ মহিলাগৰাকীক।

২৪. এম চি ডি কাউন্সিলাৰৰ আপত যোগদান। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ উপস্থিতিত যোগদান দলটোত।

২৫. ১০ জানুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি তানাজী।ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগানে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in