১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মহাৰাষ্ট্ৰৰ মছজিদ বান্দেৰত খহি পৰিল এটা অট্টালিকা। অট্টালিকাটো খহি পৰাৰ ফলত নিহত এজন। লগতে আন আন এজনক চিকিৎসালয়ত ভৰ্তি।

২. কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুণ মুন্দাই অংশ ল'লে ৱৰ্ল্ড ট্ৰাইবেল ডে'ৰ শোভাযাত্ৰাত। লগতে অংশ লয় মন্ত্ৰীগৰাকীৰ পত্নী মীৰা মুন্দায়ো।

৩. শুকুৰবাৰে নেপাল-ভাৰত সীমান্তত ভূমিকম্পৰ জোঁকাৰিণি। ৪.৬ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে নেপাল-ভাৰত সীমান্ত।

৪. হাৰিয়ানাৰ বাদশ্বাহপুৰত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন স্থানীয় লোক। বন বিভাগে অৱশেষত পিঞ্জৰাৱদ্ধ কৰে নাহৰফুটুকীটোক।

৫. লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং উপস্থিত লাডাখত। লাডাখৰ পৰিস্থিতিৰ বুজ লয় লেফটেনেন্ট জেনেৰেলগৰাকীয়ে।

৬. পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে ৰাজ্যখনৰ ৰাজ্যপাল জগদীপ ধনখাৰক। ৰাজভৱনত সাক্ষাৎ কৰে তেওঁক।

৭. কেৰেলাৰ মালাপ্পুৰামৰ নীলাম্বৰ এলেকাত ভূমিস্খলনত সন্ধানহীন হৈছিল ৩০ টা পৰিয়াল। শুকুৰবাৰে পুৱাই উদ্ধাৰকাৰী দলে আৰম্ভ কৰে উদ্ধাৰ অভিযান।

৮. শুকুৰবাৰে ঘোষণা হ'ল ৬৬ সংখ্যা নেশ্যনেল ফিল্ম এৱাৰ্ড। বেষ্ট ফিল্ম বঁটা লাভ কৰে হিন্দী ছবি পেডমেন।

৯. কৰ্ণাটকত ধাৰাসাৰ বৃষ্টিপাত অব্যাহত। বৰষুণৰ ফলত শিবামোগ্গা-চিত্ৰদুৰ্গা ৰোডত বানৰ সৃষ্টি।

১০. মহাৰাষ্ট্ৰত অব্যাহত আছে বানৰ তাণ্ডৱ। কোলহাপুৰৰ ছিৰ'লীত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে কেইবাজনো বন্যাৰ্তক।

১১. কেৰালাত শুকুৰবাৰলৈ ভূমিস্খলন, বৃষ্টিপাত আৰু বানৰ ফলত নিহত ২৮জনকৈ লোক। ইফালে, গুৰুতৰভাৱে আহত ২৭ জন।

১২. ১০ আগষ্টৰ পৰা খোলা হ'ল জম্মু-কাশ্মীৰৰ সকলো শিক্ষানুষ্ঠান। ৰিয়াছি জিলাৰ উপায়ুক্তগৰাকীয়ে জনাই এই কথা। জম্মু-কাশ্মীৰত যোৱা বহুদিন ধৰি বন্ধ হৈ আছিল শিক্ষানুষ্ঠানসমূহ।

১৩. পুনেত বানৰ ফলত নিহত লোকৰ সংখ্যা ২৯জনকৈ বৃদ্ধি। প্ৰায় ২.৮৫ লাখ লোকক স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰলৈ।

১৪. উত্তৰাখণ্ডত গংগাৰ জলপৃষ্ঠ বৃদ্ধি। ধাৰাসাৰ বৃষ্টিপাতৰ ফলত বিপদসীমাৰ মাত্ৰ ১০ চেঃমিঃ তলেৰে বৈছে পানী।

১৫. গুজৰাটৰৰ ভোডাদাৰাত শুকুৰবাৰে উদ্ধাৰ এটা ঘৰিয়াল। বন বিভাগৰ লোকে ঘৰিয়ালটো উদ্ধাৰ কৰি এৰি দিয়ে সুৰক্ষিত স্থানত।

১৬. নেপালৰ ত্ৰিশুলী নদীত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত নিহত ৫জনকৈ যাত্ৰী।

১৭. দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৮. বানে তাণ্ডৱ অব্যাহত ৰাখিছে কৰ্ণাটকত। শুকুৰবাৰে কৰ্ণাটকৰ বানে ক্ষতিগ্ৰস্ত কৰা অঞ্চলসমূহ পৰ্যবেক্ষণ কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে।

১৯. ১৯খনকৈ ৰেল যাত্ৰা বাতিল কৰ্ণাটকত। ধাৰাসাৰ বৃষ্টিপাতৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হয় ৰে'ল কেইখনৰ যাত্ৰা।

২০. শুকুৰবাৰে এন ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযানত মহাৰাষ্ট্ৰৰ ছাংগলীত ৮হাজাৰ বন্যাৰ্তক উদ্ধাৰ। লগতে কোলহাপুৰত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ২হাজাৰ বানাক্ৰান্তক।

২১. শনিবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত দলটোৰ পৰৱৰ্তী অধ্যক্ষ নিযুক্তি দিয়াৰ সম্ভাৱনা।

২২. ঝাৰখণ্ডত চিআৰপিএফ আৰু মাওবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা মাওবাদী। লগতে উদ্ধাৰ বহু অস্ত্ৰ-শস্ত্ৰ।

২৩. উত্তৰাখণ্ডত শুকুৰবাৰে সংঘটিত হয় কৰুণ ঘটনা। বজ্ৰপাতৰ ফলত মৃত্যু এটি শিশুসহ এগৰাকী মহিলাৰ।

২৪. দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানলৈ যাব প্রধানমন্ত্ৰী মোডী। ১৭ আৰু ১৮ আগষ্টত ভূটান ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰীগৰাকী।

২৫. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৯ জন গেংগষ্টাৰক। নীৰাজ বাৱানা গেংগৰ সদস্য আটাইকেইজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in