১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বানৰ পাছত এতিয়া তুষাৰপাত হিমাচলত। কুল্লু জিলাৰ ৰোহটাং পাছত বৰফে ঢাকি পেলাইছে চৌদিশ। যান-বাহন চলাচলতো বাধা বৰফৰ বাবে।

হিমাচলৰ তুষাৰপাতৰ এক দৃশ্য…
হিমাচলৰ তুষাৰপাতৰ এক দৃশ্য…

২. বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে অহা ২৪ ঘণ্টাত ওড়িশ্যা আৰু অন্ধ্ৰপ্ৰদেশত বৃষ্টিপাত আৰু ঘূৰণী বতাহৰ সম্ভাৱনা।অসমতো পৰিব পাৰে ইয়াৰ প্ৰভাৱ।

৩. ব্ৰহ্মছ ক্ষেপনাস্ত্ৰ নিৰ্মাণৰে জড়িত অভিযন্তাক গ্ৰেপ্তাৰ। ধৃত অভিযন্তাজনৰ নাম নিশান্ত আগৰৱাল। নাগপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযন্তাজনৰ বিৰুদ্ধে পাকিস্তানক চোৰাংকৈ তথ্য যোগান ধৰাৰ অভিযোগ।

নাগপুৰৰ পৰা গ্ৰেপ্তাৰ ব্ৰহ্মছ ক্ষেপনাস্ত্ৰ নিৰ্মাণৰে জড়িত অভিযন্তা
নাগপুৰৰ পৰা গ্ৰেপ্তাৰ ব্ৰহ্মছ ক্ষেপনাস্ত্ৰ নিৰ্মাণৰে জড়িত অভিযন্তা

৪. সোমবাৰে শোণিতপুৰত ৰেলৰ পৰা পৰি গুৰুতৰভাৱে আহত এজন যুৱক।নিউ মিছামাৰী ষ্টেচনৰ সমীপত সংঘটিত হৈছিল দুৰ্ঘটনা। যুৱকজনৰ নাম  ফিলিপ জাটমাৰা ।

৫. আইচিচি এদিনীয়া ৰেংকিঙত বেটিং, বলিঙৰ শীৰ্ষত দুই ভাৰতীয় ক্ৰিকেটাৰ। বেটিঙৰ শীৰ্ষত বিৰাট কৌহলী আৰু বলাৰৰ শীৰ্ষত যশপ্ৰীত বুমৰাহ।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে সোমবাৰে উদযাপন কৰিলে ৮৬ সংখ্যক বায়ু সেনা দিৱস। এই উপলক্ষে বায়ু সেনা বাহিনীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ।
ভাৰতীয় বায়ু সেনা বাহিনীয়ে সোমবাৰে উদযাপন কৰিলে ৮৬ সংখ্যক বায়ু সেনা দিৱস। এই উপলক্ষে বায়ু সেনা বাহিনীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ।

৬. পতঞ্জলিৰ সামগ্ৰী বন্ধৰ দাবীত নলবাৰীত সোমবাৰে বিক্ষোভ আছুৰ । আৰক্ষী আৰু প্ৰশাসনৰ সৈতে হতাহতি আছুকৰ্মীৰ।

৭. সোমবাৰে নাজিৰাত খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ পুত্তলিকা দাহ কৰে অসম গণ পৰিষদে। অগপক সমালোচনা কৰি মিত্ৰতাৰ সম্পৰ্কত কটু মন্তব্য কৰিছিল বিধায়কজনে ।

৮. সোমবাৰে এক সংবাদমেলত দেশৰ বায়ুসেনা প্ৰধান বি এছ ধনোৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য। 'ৰাফেল আৰু এছ-৪০০ মিছাইল চিষ্টেমে বঢ়াব ভাৰতৰ সামৰিক শক্তি।'

৯. ব্যক্তিগত খণ্ডক তৈল সন্ধান আৰু উৎপাদন কৰিবলৈ দিয়া কাৰ্যৰ বিৰোধিতা। সোমবাৰে মৰাণ অইল ইণ্ডিয়াৰ বন্ধ কাৰ্যসূচী কেইবাটাও সংগঠনৰ।

১০. মঙলবাৰৰ পৰা বৃদ্ধি পাব মহানগৰীত চিটি বাছৰ ভাড়া। যাত্ৰাৰ বাবদ যাত্ৰীয়ে নূন্যতম ভৰিব লাগিব ৭ টকা।

১১.  লখিমপুৰত সোমবাৰে অঘটন। পঠালি পাহাৰত শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰীক পাপু বৰা নামৰ এজন যুৱকে এচিড ঢালি হত্যা অপচেষ্টা চলায়। ঘটনাক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

পাকিস্তানৰ বন্দৰচহৰ গোৱাদাৰ চীনে নিৰ্মাণ কৰিব ৬২ বিলিয়ন ব্যয়ৰে।
পাকিস্তানৰ বন্দৰচহৰ গোৱাদাৰ চীনে নিৰ্মাণ কৰিব ৬২ বিলিয়ন ব্যয়ৰে।

১২.  ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক মহিষাসুৰ সজাই নৰ্থ ইষ্ট লিংগুৱেষ্টিক এণ্ড অথনিক ক'অৰ্ডেনেচন কমিটীৰ প্ৰতিবাদ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া।

১৩. ভটভটী চলাচলৰ নিষেধাজ্ঞাক কেন্দ্ৰকৰি নগৰবেৰাত পাৰঘাটত ৰাইজৰ প্ৰতিবাদ। জলজলী নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবী ৰাইজৰ।

১৪. নলবাৰীত সোমবাৰে নামনিমুৱা উষা এক্সপ্ৰেছৰ পৰা পৰি প্ৰাণ হেৰুৱাই এজন ব্যক্তিয়ে। ঘটনাস্থলীত ৰে'লৱে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে ব্যক্তিজনৰ মৃতদেহ। মৃত ব্যক্তিজনৰ এতিয়াও পৰিচয় পোৱা হোৱা নাই।

১৫. ন্যায় বিশেষ আদালতে জামিন বিহীন ৱাৰেণ্ট জাৰি কৰিছে অজয় ৰহিকাৰ আৰু সুধাকৰ চতুৰ্বেদীৰ বিৰুদ্ধে। দুয়ো ২০০৮চনত সংঘটিত মালেগাওঁ বোমা বিস্ফোৰণত অভিযুক্ত।

১৬. তাজিকিস্তানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। দেশখনক উন্নয়নৰ লগতে আন্তঃগাঁথনিৰ উন্নতকৰণৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস ভাৰতৰ।

তাজিকিস্তানত ভাষণৰত অৱস্থাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
তাজিকিস্তানত ভাষণৰত অৱস্থাত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

১৭. দিল্লীত বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা । এসপ্তাহতে ১৬৯ জন ডেংগুত আক্ৰান্ত ৰোগীক চিনাক্ত।

১৮. ই ডিৰ জেৰাৰ অন্তত 'মোৰ কিবা দোষ হৈছে নেকি বুলিহে মাতিছিল' বুলি মন্তব্য বিজি বণ্ডেড ৱেৰ হাউছৰ স্বত্ত্বাধিকাৰী বন্তি গগৈ পেগুৰ। ৪০ কোটি টকীয়া কৰ ফাঁকিৰ গোচৰত জেৰা চলাইছিল তেওঁক।

১৯. দেওবাৰে মৃত্যু হোৱা কিশোৰ গিৰিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। দুই কন্যাৰ উপস্থিতিত ভূতনাথত সম্পন্ন হ'ল শেষকৃত। গুৱাহাটী প্ৰেছক্লাৱতো শেষ শ্ৰদ্ধা জ্ঞাপন শিল্পীজনক।

বহি থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা মৃত্যুক সাৱটি লৈছিল শিল্পী কিশোৰ গিৰিয়ে।
বহি থকা সময়তে হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা মৃত্যুক সাৱটি লৈছিল শিল্পী কিশোৰ গিৰিয়ে।

২০. বিদেশী ভাষাৰ অস্কাৰ মনোনয়নৰ বাবে বিশ্বৰ ৭৯খন দেশৰ ছবিয়ে আবেদন জনাইছে। ইয়াৰ পৰা ৯খন ছবিৰ নিৰ্বাচন কৰি তাৰ পৰা ৫খন শ্ৰেষ্ঠ ছবিক এই শিতানত মনোনয়ন দিব। এই দৌৰত আছে 'ভিলেজ ৰকষ্টাৰ্ছ'।

২১. মেঘালয়ৰ প্ৰাক্তন শক্তি মন্ত্ৰী ক্লেমেণ্ট মাৰাকৰ ৫৮ বছৰ বয়সত দিল্লীত মৃত্যু। মেঘালয়ৰ চেলচেলা সমষ্টিৰ বিধায়ক ক্লেমেণ্ট মাৰাক।

২২. শিৱসাগৰৰ গেলেকীত ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীক গতালে যদু গগৈ নামৰ ভুৱা সাংবাদিকক। এজন লোকক ভাবুকি দিয়াৰ অপৰাধত ৰাইজে আটক কৰিলে তেওঁক।

২৩. অক্সফৰ্ড ইংৰাজী শব্দকোষত নতুনকৈ সংযোজন কৰা হৈছে শব্দ। নতুন সংস্কৰণত সংযোজন কৰা হৈছে নতুন ১৪০০টা শব্দ।

২৪. থাইলেণ্ডত দুটা ফৈদৰ মাজত সংঘটিত গুলীচালনাত এজন ভাৰতীয় পৰ্যটক নিহত। দেশখনৰ ৰাজধানী বেংককত সংঘটিত এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন ভাৰতীয় পৰ্যটকৰ লগতে দুই থাই নাগৰিক।

২৫. বাংগালুৰুত অসমৰ ধেমাজি জিলাৰ লক্ষীমপুৰীয়াৰ ৩বছৰীয়া শিশুক বলাৎকাৰৰ অভিযোগ ৫০ উৰ্ধৰ ব্যক্তিৰ বিৰুদ্ধে। আৰক্ষী থানাত আছাম এছ'চিয়েছনে দাখিল কৰিছে এজাহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in