১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. তামুলপুৰৰ দ্বাৰকুছিত অঘটন। বৰলীয়া নৈত উটি গ'ল দুই যুৱক। সমনিয়াৰে সৈতে গা ধুবলৈ গৈছিল যুৱক দুজন। এছ ডি আৰ এফ বাহিনী আৰু স্থানীয় লোকৰ উদ্ধাৰ অভিযান অব্যাহত।

২. ৱাইন শ্বপৰ পিছত এইবাৰ অন শ্বপ খোলাৰ নিৰ্দেশনা মহানগৰ জিলা প্ৰশাসনৰ। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে খোলা থাকিব অন শ্বপ। লগতে খুলিব পাৰিব বাৰ সমূহো।

৩. অসম বিধান সভাৰ ১১ জনকৈ কৰ্মচাৰীৰ দেহত ওলাল কোভিড পজিটিভ। ৰেপিড এন্টিজেন্ট টেষ্টত ধৰা পৰিল কোৰোনা আক্ৰান্তৰ কথা। উল্লেখ্য যে ৪ আগষ্টৰ পৰা বিধানসভাৰ কৰ্মচাৰীসকলৰ মাজত চলি আছে ৰেপিড টেষ্ট।

৪. ঢেকিয়াজুলি কাণ্ডৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰক্ষীৰ সঞ্চালক প্ৰধানক দিলে তদন্তৰ দায়িত্ব। শান্তি সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধেৰে আগুৱাই যাবলৈ সকলোকে আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।

৫. পাণবজাৰ থানাৰ নৱনিৰ্মীত ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ১৮৯৪ চনতে স্থাপন হোৱা প্ৰথমখন গুৱাহাটীৰ সদৰ পাণবজাৰ থানাৰ বৃহস্পতিবাৰে মৈত্ৰী আঁচনিৰ অধীনত নতুন ভৱন মুকলি কৰিলে মুখ্যমন্ত্ৰীয়েগৰাকীয়ে।

৬. নুমলিগড়ৰ বিহৰাত বন্যহস্তীৰ সন্ত্ৰাস। পুৱতি নিশা অঞ্চলটোৰ কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰিলে বনৰীয়া হাতীৰ জাকে। হাতীৰ গচকত গুৰুতৰ ভাৱে আহত হ'ল দুজনকৈ লোক।

৭. বানৰ পাছত ৰাজ্যত এতিয়া খহনীয়াৰ কালৰূপ। খহনীয়াত জাহ গৈছে বহুতৰে মাটি ভেঁটি। খহনীয়াৰ প্ৰকোপৰ পৰা বাচিবলৈ এতিয়া নেদেখাজনৰ ওচৰত পূজা অৰ্চনা কৰিছে নৈ পৰীয়া ৰাইজে।

৮. মৰিগাঁৱত কোভিড আক্ৰান্ত প্ৰসূতিৰ মৃত্যুকলৈ চাঞ্চল্য। বুধবাৰে মৰিগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই মহিলাগৰাকীৰ দেহত ধৰা পৰিছিল কোৰোনাৰ উপস্থিতি। এটা সন্তান প্ৰসৱৰ পাছতেই মৃত্যু ঘটে মহিলাগৰাকীৰ।

৯. শোণিতপুৰৰ চাঞ্চল্যকৰ ঘটনাক লৈ বিধায়ক অশোক সিংঘালৰ বিস্ফোৰক মন্তব্য। নিজৰ ভিতৰত থকা শক্তি জাগৃত কৰা আহ্বান বিধায়কগৰাকীৰ।

১০. নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে নলবাৰী সদৰ থানাত গোচৰ নলবাৰী জিলা কংগ্রেছৰ। প্রাকৃতিক দুৰ্যোগ প্রশমন আইন অমান্য কৰাৰ অভিযোগ কংগ্ৰেছৰ।

১১. হিমাচলপ্ৰদেশৰ শক্তি মন্ত্ৰী সুক্ৰম চৌধুৰী আক্ৰান্ত কোৰোনা ভাইৰাছত। উল্লেখ্য যে, ৩০ জুলাইত তেওঁ ৰাজ্যখনৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল।

১২. ৰাজস্থানত বৃহস্পতিবাৰে ১১৫১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত বৰ্তমানলৈ ৪৮৯৯৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৩. বিজেপি অধ্যক্ষ জে পি নড্ডাই দলীয় সচিবসকলৰ সৈতে বৈঠকত বহে। ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত বহে তেওঁলোক।

১৪. গোৱাত পুনৰ ১৯১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৭৬১৪জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৫. মুম্বাইত বৃহস্পতিবাৰে ৯১০জনৰ দেহত ধৰা পৰে কোৰোনা পজিটিভ। লগতে দিনটোত মহানগৰীখনত এই ভাইৰাছত আক্ৰান্ত ৫৭জন লোকে হেৰুৱাই প্ৰাণ।

১৬. পশ্চিমবংগত ২৯৫৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬,৭৫৪জনলৈ পাইছে বৃদ্ধি।

১৭. চুবুৰীয়া ৰাজ্য মণিপুৰত যোৱা ২৪ ঘন্টাত ১২৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত এজন লোকে হেৰুৱাই প্ৰাণ।

১৮. কৰ্ণাটকত যোৱা ২৪ ঘন্টাত ৬৮০৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯৩জন লোকৰ মৃত্যু।

১৯. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন। পুঞ্চৰ বালাকোট ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২০. উত্তৰাখণ্ডত পুনৰ ১৯৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৮৫৫২জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. দেশৰ ভিতৰত কোৰোনাত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত বৃহস্পতিবাৰলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪,৭৯,৭৭৯জনলৈ পাইছে বৃদ্ধি।

২২. অন্ধ্ৰপ্ৰদেশত যোৱা ২৪ ঘন্টাত ১০,৩২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভি। আৰু এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৭২জন লোকৰ মৃত্যু।

২৩. মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতী অশোক চাৱনে সাক্ষাৎ কৰে ৰাজ্যখনৰ ৰাজ্যপাল ভগত সিং কোশ্বিয়াৰীক। ৰাজভৱনত মিলিত হয় তেওঁলোক।

২৪. উত্তৰপ্ৰদেশৰ নইডাৰ ছেক্টৰ ৩৯ত শনিবাৰে উপস্থিত হ'ব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ। ছেক্টৰ ৩৯ত এখন কোভিড-১৯ চিকিৎসালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

২৫. কেৰালাত পুনৰ ১২৯৮জনৰ দেহত বৃহস্পতিবাৰে ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১৯৮৩জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in