১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মঙলবাৰে ঘোষণা হোৱা ইউ পি এছ চি পৰীক্ষাৰ ফলাফলত উজ্বলিল অসমৰ পাঁচজনকৈ কীৰ্তিমান। একেৰাহে তৃতীয়বাৰলৈ ইউ পি এছ চিত উত্তীৰ্ণ হ'ল গুৱাহাটীৰ আৰণ্যক শইকীয়া।

২. নাৰায়ণপুৰত বিজেপি নেতাৰ গুণ্ডাগিৰি। কমিছন বিচাৰি সত্ৰাধিকাৰক অশ্লীল গালি গালাজেৰে অপদস্থ বিজেপি নেতাৰ গুণ্ডাবাহিনীৰ। ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক ভাবুকি প্ৰদান বিজেপি নেতা ভাস্কৰ হাজৰিকাৰ।

৩. কোৰোনাৰ বাবে অৱহেলিত হ'ল এজন লোক। কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে ঘৰৰ পৰা উলিয়াই দিলে ভাড়াঘৰৰ মালিকে। অনাহাৰে ৰাজপথত কটালে কোৰানা আক্ৰান্তই। আমিনগাঁৱত সংঘটিত হৈছে এই ঘটনা।

৪. নগাঁৱৰ কপিলী নাৰ্ছিং হোমত চিকিৎসকৰ 'বীৰত্ব'। কৰ্মৰত অৱস্থাতে নাৰ্ছক শাৰিৰীকভাৱে প্ৰহাৰ কৰিলে এজন উদণ্ড চিকিৎসকে। চিকিৎসকৰ উপৰ্যুপৰি প্ৰহাৰত আহত ৪ গৰাকী নাৰ্ছ।

৫. সৰুপথাৰ সীমান্তৰ চুঙাজানৰ ৫ নং দ-গাঁৱত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস৷ মাৰণাস্ত্ৰ দেখুৱাই মহিলা ব্যৱসায়ীক ধনদাবী দুৰ্বৃত্তৰ দলটোৰ৷ দুখন বাইকত অহা ৬ নগা দুৰ্বৃত্তই ধনদাবী কৰিছিল মহিলাগৰাকীক৷

৬. কোৰোনাত আক্ৰান্ত আৰক্ষীৰ চিকিৎসাৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ গ্ৰহণ৷ বৰপেটাৰ আৰক্ষী নিৱেশত মুকলি কৰিলে কোভিড কেয়াৰ কেন্দ্ৰ ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যেতি মহন্তই মঙলবাৰে উদ্বোধন কৰে কোভিড কেয়াৰ কেন্দ্ৰটো৷

৭. দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ১৪২৮ জনলৈ বৃদ্ধি। মঙলবাৰে জিলাখনত পুনৰ ৪৮ জনৰ শৰীৰত পোৱা গৈছে কোভিড-১৯ৰ উপস্থিতি।

৮. ডিব্ৰুগড় আৰু যোৰহাটত মুকলি কৰা হ'ল দুটাকৈ প্লাজমা বেংক। অসম চিকিৎসা মহাবিদ্যালয় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্লাজমা বেংক মুকলি কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই।

৯. যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। বিনা চিকিৎসাই চাৰিজন লোকৰ মৃত্যু হোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছ কৰ্মীৰ।

১০. বানৰ পাছত ৰাজ্যত এইবাৰ খহনীয়াৰ কালৰূপ। খহনীয়াত পৰি সৰ্বহাৰা হৈছে কেইবা শতাধিক পৰিয়াল। মানকাচৰত নৈত উটি গ'ল ঐতিহাসিক ঈদগাহ।

১১. দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অস্ত্ৰ সৰবৰাহকাৰী এজনক। লগতে উদ্ধাৰ কৰে ১১টাকৈ পিষ্টল।

১২. সজাই পৰাই তোলা হৈছে অযোধ্যা। বুধবাৰে ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্ৰীসহ ১৭৫জন ব্যক্তি তথা সাধু-সন্ত।

১৩. ছত্তীশগড়ত মঙলবাৰে ২৮০জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০,১০৯জনলৈ পাইছে বৃদ্ধি।

১৪. বুধবাৰে ৰাজস্থানত ১১২৪জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ১৩জন লোকে হেৰুৱাই প্ৰাণ।

১৫. মুম্বাইত ১,১৮,১৩০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। মহানগৰীখনত মঙলবাৰে ৭০৯জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জ'ন আব্ৰাহামে।

১৭. লেবেননৰ বেৰুটত ভয়ংকৰ বিস্ফোৰণ। প্ৰায় ১০টা মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে।

১৮. হাৰিয়ানাত মঙলবাৰে ৬২৩জনৰ দেহত ধৰা পৰে কোভিড-১৯ আৰু মৃত্যু হয় ৮জন লোকৰ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৭,৭৯৬জনলৈ পাইছে বৃদ্ধি।

১৯. উত্তৰাখণ্ডত মঙলবাৰে ২০৮জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৮০০৮জনলৈ পাইছে বৃদ্ধি।

২০. দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৪,৫৭,৯৫৬জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১. পশ্চিমবংগত পুনৰ ২৭৫২জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইফালে, ৰাজ্যখনত মঙলবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত ৫৪জন লোকে হেৰুৱাই প্ৰাণ।

২২. গোৱাত মঙলবাৰে ২৫৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৭০৭৫জনলৈ বৃদ্ধি পাইছে।

২৩. যোৱা ২৪ ঘন্টাত গুজৰাটত ১০২০জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ২৫জন লোকে হেৰুৱাই প্ৰাণ।

২৪. কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্রধানৰ দেহত মঙলবাৰে ধৰা পৰে কোভিড পজিটিভ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

২৫. চেন্নাই বিমান বন্দৰত শুল্ক বিভাগৰ লোকে গ্ৰেপ্তাৰ কৰে দুজন লোকক। লগতে জব্দ কৰে ১.৪৮ কেজি ওজনৰ সোণ। জব্দ কৰা সোণখিনিৰ মূল্য প্ৰায় ৮২.৩ লাখ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in