১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মঙলবাৰে ম্লান পৰিল দুৰ্গোৎসৱৰ আনন্দ-উলাহ।  বিজয়া দশমীৰ দিনা মৰ্ত্যৰ পৰা বিদায় ল'ব দেৱী দুৰ্গাই।

২. মঙলবাৰ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাব তিথি। দশমীৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্য মুখৰিত হ'ল গুৰু বন্দনাৰে।

৩. বিশিষ্ট অভিনেতা যতীন বৰাৰ নতুন ছবি ৰত্নাকৰ দৰ্শকে চাবলৈ পাব অহা ১১ অক্টোবৰত। ছবিখনৰ প্ৰচাৰত ব্যস্ত ৰত্নাকৰ টীম।

৪. ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হ'ল শোকাৱহ ঘটনা। এটা পুখুৰীত পৰি মৃত্যুক সাৱটিব লগীয়া হ'ল ৭জন কিশোৰে।

৫. ভুপালত উদযাপন কৰা হ'ল দশেৰা। দশেৰাস্থলীত উপস্থিত সহস্ৰাধিক লোক।

৬. মধ্যপ্ৰদেশতো বিজয়া দশমীৰ দিনা পানীত উটুৱালে মা দুৰ্গাৰ প্ৰতিমূৰ্তি। হাজাৰ হাজাৰ লোকে পূজা মণ্ডপসমূহৰ পৰা দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়ে দশমীৰ দিনা।

৭. দিল্লীত দশেৰাত ল'লে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। তেওঁৰ লগতে উপস্থিত থাকে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙো।

৮. ''আমাৰ ভূমিত 'মা'ক পূজা কৰা হয়। আৰু এইটো আমাৰে দায়িত্ব যে আমি ভাৰতৰ প্ৰতিজন ভগ্নীৰ সুৰক্ষা নিশ্চিত কৰিম।''- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৯. ডেৱাছত মঙলবাৰে সংঘটিত হ'ল শোকাৱহ ঘটনা। গা ধুবলৈ গৈ নদীত পৰি সলিল সমাধি ৪জন কিশোৰৰ। ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ।

১০. আগন্তুক লোকসভা নিৰ্বাচনত মহাৰাষ্ট্ৰত ৯খনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে। লগতে হাৰিয়ানাৰো ৪খন নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব তেওঁ।

১১. পুনে আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে এজন নাইজেৰিয়াৰ নাগৰিকক। লোকজনৰ পৰা উদ্ধাৰ প্ৰায় ৫০০ গ্ৰাম ড্ৰাগছ।

১২. মংগোলীয়াত উপস্থিত আছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মঙলবাৰে সাক্ষাৎ কৰে মংগোলীয়াৰ বিদেশ মন্ত্ৰী ডামদিন ছ'গটবাটাৰক।

১৩. চেন্নাই বিমান বন্দৰত আটক কৰা হয় চাৰিজন লোক। প্ৰায় ৫৩ লাখ টকাৰ সোণসহ আটক কৰা হয় লোক কেইজনক।

১৪. অহা ১৭ নবেম্বৰত বন্ধ থাকি বদ্ৰীনাথ মন্দিৰ। বদ্ৰীনাথ মন্দিৰৰ মুখ্য পুৰোহিতে খোদ সদৰী কৰে এই কথা।

১৫. দিল্লীৰ কাৰাৱাল নগৰত ভয়ংকৰ ঘটনা। এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত নিহত বৃদ্ধাসহ এগৰাকী মহিলা।

১৬. ফিৰোজপুৰ হুছেইনৱালা সীমান্তত বি এছ এফ জোৱানে উদ্ধাৰ কৰে এখন ড্ৰ'ন। পাকিস্তানৰ পৰা ভাৰতলৈ পঠিওৱা হৈছিল ড্ৰ'নখন।

১৭. আফগানিস্তানৰ ঘাজনী চহৰত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত প্ৰাণ হেৰুৱালে ৮গৰাকী বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে।

১৮. মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত উদ্ধাৰ এটি নাহৰফুটুকীৰ মৃতদেহ। ৰে'লৰ খুন্দাত নাহৰফুটুকীটোৰ মৃত্যু হোৱাৰ আশংকা স্থানীয় ৰাইজৰ।

১৯. তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে তিনিজনকৈ লোকে। ইফালে, আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়।

২০. 'দশেৰাৰ শুভেচ্ছা সমগ্ৰ দেশবাসীক জনালো। আজিৰ দিনটো অধৰ্মৰ ওপৰত ধৰ্মৰ জয় হোৱাৰ বাবে পালন কৰা হয়।'- এই মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

২১. নাগপুৰস্থিত আৰ এছ এছৰ কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। তেওঁৰ লগতে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিং। বিজয়া দশমী উদযাপনৰ বাবে উপস্থিত হয় আৰ এছ এছৰ কাৰ্যালয়ত।

২২. কাশ্মীৰৰ আৱন্তিপোৰা টাউনত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী। লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।

২৩. উত্তৰাখণ্ডৰ নানাকমাট্টাত গ্ৰেপ্তাৰ তিনিজন যুৱকক। প্ৰায় ৯২ কাৰ্টন অবৈধ সুৰাসহ গ্ৰেপ্তাৰ কৰা হয় যুৱক কেইজনক।

২৪. মুম্বাইত এজন আৰক্ষী জোৱানৰ আত্মহননৰ অপচেষ্টা। এটা অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে জোৱানজনে। সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা পৰে জোৱানজনৰ। বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে তেওঁ।

২৫. ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাব দ্য স্কাই ইজ পিংক। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ফাৰহান খান আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in