১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. 'অসম প্ৰদেশ কংগ্ৰেছত আছে প্ৰব্ৰজিত মুছলমান ৷ প্ৰব্ৰজিত মুছলমানেই চলাইছে দেৱব্ৰত হটাও অভিযান৷' কংগ্ৰেছৰ বিসম্বাদক লৈ বিস্ফোৰক মন্তব্য বিজেপি নেতা মমিনুল আৱালৰ ৷

২. বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰৰ কাৰণে হ'ব আই পি এল। ২০২০ চনৰ এপ্ৰিল–মে মাহত বৰ্ষাপাৰাত দুখনকৈ মেচ খেলিব ৰাজস্থান ৰয়েলছে।

৩. নতুন দিল্লীত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নগা চুক্তি,এন আৰ এলৰ প্ৰসংগত বৈঠক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে।

৪. মৰিয়নীৰ বুধবাৰে নিশা চেলেং চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ। বন বিভাগ আৰু বাগিচা কৰ্তৃপক্ষই পতা পিঞ্জৰাত আৱদ্ধ হ'ল প্ৰকাণ্ড নাহৰফুটুকী।

৫. সাংবাদিকৰ প্ৰশ্নত সাংসদ ছানী দেউলে কয়- 'কাৰ্টাৰপুৰ কৰিডৰ উদ্বোধনী অনুষ্ঠানত যদি মই অংশ নলওঁক কোনে ল'ব? সেয়া মোৰ এলেকা মোৰ বাসগৃহ।'

৬. উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ যোগী আদিত্যনাথে বৃহস্পতিবাৰে বহে এক বৈঠকত। ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে এই বৈঠকত।

৭. ৰাছিয়াত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পিছকাৰেভস্কাই মেম'ৰিয়েল চেমিটেৰিত উপস্থিত হয় তেওঁ।

৮. কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন, পীয়ুষ গোৱেল, গিৰিৰাজ সিং আৰু সন্তোষ গাংগৱাল উপস্থিত হয় মহাৰাষ্ট্ৰ সদনত। লগতে উপস্থিত থাকে বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডা।

৯. জম্মু-কাশ্মীৰৰ লেফটেনেন্ট গৱৰ্ণৰ গিৰীশ চন্দ্ৰ মুৰ্মুৱে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। দিল্লীৰ কাৰ্যালয়ত সাক্ষাৎ কৰে তেওঁ।

১০. মুম্বাই আৰক্ষী আয়ুক্ত সঞ্জয় বাৰ্ভেয়ে সাক্ষাৎ কৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশ্যাৰীক। মহাৰাষ্ট্ৰৰ ৰাজভৱনত সাক্ষাৎ কৰে তেওঁক।

১১. অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত বৰ্তমান উত্তপ্ত পৰিস্থিতি বিৰাজমান। আৰক্ষীয়ে ড্ৰ'নৰ সহায়ত অঞ্চলসমূহত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাখিছে তীক্ষ্ণ নজৰ।

১৩. প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৯ নবেম্বৰত উদযাপন কৰিব দীপাৱলী। নিজ বাসগৃহলৈ নিমন্ত্ৰণ জনাইছে বিজেপিৰ কৰ্মকৰ্তাসকলক।

১৪. দিল্লীৰ পৰা শ্ৰীনগৰলৈ উৰা মাৰিব লগীয়া ১১খনকৈ বিমানৰ যাত্ৰা বাতিল। বেয়া বতৰৰ বাবে বাতিল কৰা হয় বিমান কেইখনৰ যাত্ৰা।

১৫. অমৃতসৰত উপস্থিত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৬. উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে তুষাৰপাত। তুষাৰপাতৰ ফলত ৰাজ্যখনৰ বদ্ৰিনাথত বহু যান-বাহন চলাচল ব্যাহত হৈ পৰে।

১৭. ১১ নবেম্বৰত পশ্চিমবংগত প্ৰতিবাদ সাব্যস্ত কৰিব টিএমচিয়ে। এন আৰ চিৰ বিৰুদ্ধে সাব্যস্ত কৰিব এই প্ৰতিবাদ।

১৮. দিল্লীত কংগ্ৰেছৰ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। ডিঙিত পিঁয়াজৰ মালা পিন্ধি সাব্যস্ত কৰে এই প্ৰতিবাদ।

১৯. কেৰালাৰ তিৰুৱানান্থপুৰামৰ এজন চিকিৎসকক গ্ৰেপ্তাৰ। এগৰাকী মহিলাৰ সৈতে হাস্পতলাত দুৰ্ব্যৱহাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় চিকিৎসকজনক।

২০. ছত্তীশগড়ত এগৰাকী চিআৰপিএফৰ জোৱানৰ মৃত্যু। ৰাইফল চফা কৰি থকা সময়তে ভুলতে গুলীচালনা হোৱাৰ ফলত প্ৰাণ হেৰুৱাই জোৱানজনে।

২১. দিল্লীৰ বিভিন্ন স্থানত বৃহস্পতিবাৰে ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত ৰাজ্যখনৰ আম্বেদকাৰ নগৰৰ বহু পথত সৃষ্টি হয় কৃত্ৰিম বানৰ।

২২. জম্মু-কাশ্মীৰৰ ছামৰোলীৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন। ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰে যান-বাহন চলাচল।

২৩. কৰ্ণাটকৰ বাদামীত ধাৰাসাৰ বৃষ্টিপাত। বৃষ্টিপাতৰ ফলত বাদামীৰ অগস্থ্যা তীৰ্থত সৃষ্টি হয় কৃত্ৰিম বানৰ। অঞ্চলটোৰ বহু বাসগৃহৰ ভিতৰত বাঢ়নী পানী সোমোৱাৰ ফলত ওখ স্থানত ল'ব লগা হয় আশ্ৰয়।

২৪. চেন্ট্ৰেল ক্ৰাইম ব্ৰান্সে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে দুগৰাকী খেলুৱৈক। কৰ্ণাটক প্ৰিমিয়াৰ লীগত মেচ ফিক্সিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে খেলুৱৈ দুগৰাকীক। গ্ৰেপ্তাৰ কৰা খেলুৱৈ দুগৰাকী ক্ৰমে আব্ৰাৰ কাজী আৰু চি এম গৌতম।

২৫. ছবিগৃহত ২০ ডিচেম্বৰৰ মুক্তি পাব নতুন হিন্দী ছবি ব্ৰহ্মাস্ত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in