১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ৰ'বটেৰে মহানগৰীৰ নলা-নৰ্দমা চাফা কৰিব গুৱাহাটী পৌৰ নিগমে। মঙলবাৰে জনতা ভৱনৰ সন্মুখত আনুষ্ঠানিকভাৱে অত্যাধুনিক ৰবট বেন্দীক'টেৰে শুভাৰম্ভ কৰা হ'ল নলা চাফাইৰ কাম।

২. বান, গৰাখহনীয়া, কৰোনা বিধ্বস্ত অসমত হাতীৰ উপদ্ৰৱ। নাগ্ৰীজুলি, ৰঙাপৰা, ঢেকীয়াজুলিত জাক পাতি হাতীয়ে ঘৰে ঘৰে চলাইছে উপদ্ৰৱ।

৩. কোভিড-১৯ত আক্ৰান্ত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ। এছএমচিএইচত চিকিৎসাধীন উপাধ্যক্ষ লস্কৰ। ছ'চিয়েল মিডিয়াত নিজেই এই কথা জনালে উপাধ্যক্ষগৰাকীয়ে।

৪. অহা ৩১ আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। মঙলবাৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে।

৫. আনুষ্ঠানিকভাৱে উদ্ধোধন কৰা হ'ল ঐতিহাসিক গহপুৰ থানা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰিলে ঐতিহাসিক থানাখন। ৫০ লাখ টকা ব্যয়ৰে পুনৰ নিৰ্মাণ কৰি উলিওৱা হৈছিল থানাখন।

৬. মঙলবাৰে যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ এক সাংস্কৃতিক প্ৰতিবাদ। কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ দাবীৰ লগতে কা বাতিলৰ দাবীত এই প্ৰতিবাদ।

৭. বৰাকত অব্যাহত বাৰ্মিজ চুপাৰি আৰু অপিয়াম প'ষ্টৰ ছিণ্ডিকেট। কাছাৰ আৰক্ষীয়ে জব্দ কৰিলে  পাঁচখনকৈ চুপাৰি আৰু অপিয়াম পষ্ট' সহ বিদেশী চিগাৰেটৰ ট্ৰাক।

৮. ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ আইৰকাটা গাঁৱৰ পৰা আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰী জব্দ। লগতে গ্ৰেপ্তাৰ কৰা হয় এজন যুৱকক।

৯. মঙলবাৰে দৰঙত পুনৰ ৭১ জনৰ দেহত কোভিড-১৯। জিলাখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০৩০ জনলৈ পাইছে বৃদ্ধি।

১০. বিহপুৰীয়াত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিহপুৰীয়া সমষ্টিৰ বনপুৰৈ জামুগুৰিৰ ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়া আৰু বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

১১. চণ্ডীগড়ত মঙলবাৰে পুনৰ ২৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৯৩৪জনলৈ পাইছে বৃদ্ধি।

১২. তামিলনাডুত মঙলবাৰৰ দিনটোতে ৬৯৭২জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত।ইফালে, দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৮৮জন লোকে হেৰুৱাই প্ৰাণ।

১৩. গুজৰাটত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ৫০০ জৰিমনা। পূৰ্বে ৰাজ্যখনত এই জৰিমনা আছিল ২০০টকা।

১৪. হিমাচলপ্ৰদেশত ২২৮৪জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ১০৩১জন লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে ১২২৪জন লোক।

১৫. বিহাৰত অপৰিৱৰ্তিত বান পৰিস্থিতি। ৰাজ্যখনৰ মুজাফাৰপুৰত বন্যাৰ্তসকলে বানৰ পৰা ৰক্ষা পৰিবলৈ পথৰ কাষতে লৈছে আশ্ৰয়।

১৬. পশ্চিমবংগত অহা ৩১ আগষ্টলৈ লকডাউন বৃদ্ধি। উল্লেখ্য যে, এই লকডাউন ৰাজ্যখনত প্ৰতিটো সপ্তাহত দুদিনৰ বাবে জাৰি কৰা হৈছে।

১৭. ত্ৰিপুৰাত তিনিদিনৰ বাবে লকডাউন জাৰি। তদুপৰি ৰাজ্য চৰকাৰে ঘৰে ঘৰে গৈ কৰিব কোভিড টেষ্ট।

১৮. হিমাচলপ্ৰদেশত ২২৮২জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ১০২৯জন চিকিৎসাধীন হৈ আছে আৰু সুস্থ হৈছে ১২২৪জন লোক।

১৯. নগালেণ্ডত মঙলবাৰে ৭৫জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ৫১জন কেৱল ক'হিমাৰ।

২০. বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰকাশ নড্ডাৰ গুৰুত্বপূৰ্ণ বৈঠক। বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বহিব এই বৈঠকত।

২১. পুডুচেৰীত মঙলবাৰে ১৪১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৩০১১জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২২. ওড়িশ্যাৰ ভুৱনেশ্বৰত এছটিএফে গ্ৰেপ্তাৰ কৰে তিনিজন লোকক। গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

২৩. জম্মু-কাশ্মীৰৰ পুনৰ যুদ্ধবিৰতি উলংঘন। দেগৱাৰ ছেক্টৰত পাকিস্তানে চলাই গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

২৪. মহাৰাষ্ট্ৰত যোৱা ২৪ ঘন্টাত ১৩৮জন আৰক্ষীৰ লোকৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত ৩জন আৰক্ষীৰ লোকৰ মৃত্যু।

২৫. শিলিগুৰিত ধাৰাসাৰ বৃষ্টিপাত। যোৱা ২৪ ঘন্টাত হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত সৃষ্টি হয় ভূমিস্খলনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in