১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. সোমবাৰে আবেলি আকস্মিকভাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্হিত হয় স্বাস্হ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ SMC হাস্পতাল পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কোভিড-১৯ হস্পিতালত চিকিৎসাধীন হৈ থকা কোৰোনাত আক্ৰান্ত ৰোগী জামাল উদ্দিন আৰু চজিবুৰ ৰহমানৰ স্বাস্হ্যৰ বুজ লয়।

২. ৰোগী কঢ়িয়াই নিয়া এম্বুলেন্সত আক্ৰমণ দুৰ্বৃত্তৰ। চামগুৰিৰ ৰঙাগড়াত সংঘটিত হ'ল এই ঘটনা। দুৰ্বৃত্তই শিল দলিয়াই আক্ৰমণ কৰিলে এখন এম্বুলেন্স।

৩. লকডাউনৰ সময়ত ৰাজ্যৰ সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে কৃষক সমাজ। ৩,৫৭১ মেট্ৰিক টন শাক-পাচলি বিনষ্ট হৈছে লকডাউনৰ সময়ত। কৃষকৰ সমস্যাক লৈ উদ্বিগ্ন ৰাজ্যৰ কৃষি বিভাগ।

৪. অসমত কৰোনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দৰে ব্যৱস্থা প্ৰণয়ন কৰিছে ৰাজ্য চৰকাৰে। কৰোনা মহামাৰীৰ সময়ত বহিঃৰাজ্যৰ পৰা অহা লোকসকলে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তেহে অসমত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৫. লকডাউনৰ প্ৰভাৱ। কৰিমগঞ্জত গাত খান্দি পুতি পেলোৱা হ'ল ৫ ট্ৰাককৈ মাছ। লকডাউনৰ বাবে বজাৰ বন্ধ হৈ পৰাত ৭৫ লাখ টকাৰ মাছ পুতি পেলালে কৰিমগঞ্জৰ এজন ব্যৱসায়ীয়ে।

৬. গুৱাহাটীৰ ৰিহাবাৰীত সোমবাৰে সন্ধিয়া সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। কেইবাটাও ছিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত এখন মচলাৰ দোকানত এই অগ্নিকাণ্ড।

৭. ডিমা হাছাওৰ উমৰাংছ'ত জনসাধাৰণৰ মাজত আৰক্ষীৰ সাহায্য বিতৰণ। অঞ্চলটোৰ ৬৩০টা পৰিয়াললৈ সোমবাৰে এসপ্তাহৰ বাবে এই সাহায্য বিতৰণ কৰে উমৰাংছ' আৰক্ষীয়ে।

৮. সন্ত্ৰাসবাদী বিৰোধী অভিযানত কেৰণ ছেক্টৰত নিহত ৫টা সন্ত্ৰাসবাদী। ইফালে, ভাৰতীয় সেনা বাহিনীৰো ৫জন জোৱা শ্বহীদ হয় এই অভিযানত।

৯. দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত ৭০৪জন আৰু আক্ৰান্ত হৈছে এই ভাইৰাছত।

১০. অন্ধ্ৰপ্ৰদেশত সোমবাৰে ৩৭জন লোক নতুকৈ আক্ৰান্ত হৈছে কোৰোনাত। ৰাজ্যখনত বৰ্তমানলৈ ৩০৩জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

১১. সোমবাৰলৈ ছণ্ডীগড়ত ১৮জন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। ৰাজ্যখনত ৫জন লোক সুস্থ হৈ উঠিছে বুলি জনাই ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

১২. সোমবাৰৰ দিনটোতেই মুম্বাইত ৫৭জন লোক আক্ৰান্ত হয় COVID-19ত। আজিৰ দিনটোতেই মহানগৰখনত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ৪জন লোকৰ।

১৩. কানাড়া অভিনেতা বুলেট প্ৰকাশৰ দেহাৱসান। বাংগালুৰু হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী।

১৪. 'যোৱা ২৪ ঘণ্টাত দিল্লীত ২০জন লোক আক্ৰান্ত হোৱাৰ লগতে ১জনৰ মৃত্যু হৈছে।' এই মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

১৫. টেলিফোনযোগে প্রধানমন্ত্ৰী মোডীয়ে বাহৰেইনৰ ৰজা হামাদ বীন আল খালিফাৰ সৈতে বাৰ্তালাপ কৰে। কোৰোনা ভাইৰাছ সন্দৰ্ভত টেলিফোনতে কৰে বাৰ্তালাপ।

১৬. মহাৰাষ্ট্ৰৰ নালাছোপাৰাত ৩৮বছৰীয়া এগৰাকী প্ৰসূতীৰ মৃত্যু। জানিব পৰা মতে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল প্ৰসূতীগৰাকী।

১৭. ৰাজস্থানৰ ঝুনঝুনুলৈ লৈ অনা হৈছে শ্বহীদ জোৱান চত্ৰপাল সিঙৰ নশ্বৰদেহ। দেওবাৰে জম্মু-কাশ্মীৰৰ কেৰাণ ছেক্টৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল জোৱানজন।

১৮. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন। পাক সেনাই পুঞ্চত চলালে গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

১৯. প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামেও কোৰোনা বিৰোধী যুঁজৰ বাবে আগবঢ়ালে সহায়। সোমবাৰে মুম্বাইৰ ছেইন্ট জৰ্জ হাস্পতাললৈ ১ কোটি টকা এম পি ফাণ্ডৰ পৰা দান দিলে তেওঁ।

২০.বৰ্তমানলৈ দিল্লীত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৫ শতাধিক লোক। ইয়াৰে ৩৩০জন লোকেই নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতত অংশ লৈছিল।

২১. 'কেন্দ্ৰীয় চৰকাৰে কেৱল ৩ হাজাৰ পিপিই ৰাজ্যলৈ প্ৰদান কৰিছে। মই নিজাববীয়াকৈ ২,২৭,০০০টা পিপিই যোগান কৰিছো।'- এই ঘোষণা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

২২. ২২ মে'ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

২৩. ভাৰতীয় সেনা বাহিনীয়ে কেৰণ ছেক্টৰত লাভ কৰে চিপছ, কাপোৰ আৰু সেনা বাহিনীৰ সা-সামগ্ৰী। এইসমূহ পাকিস্তানত নিৰ্মাণ কৰা বুলি জানিব পৰা যায়।

২৪. দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত উপস্থিত থকা, বহি:ৰাজ্যৰ পৰা অহা লোকসকলক শেষ সময়সীমা অসম আৰক্ষীৰ। ৭ এপিল পুৱা ৬ বজাৰ ভিতৰত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নিৰ্দেশ।

২৫. কৰণাৰ প্ৰতিষেধক আৱিস্কাৰ নোহোৱা পৰ্য্যন্ত সামাজিক দূৰত্বৰ গত্যন্তৰ নাই, যিসকলে চৰকাৰৰ আহ্বান নামানি ৰোগ লুকুৱাই ৰাখিছে তেঁও নিজৰ লগতে ৰাষ্ট্ৰৰো ক্ষতি কৰিছেঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in