১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অসম বিধান সভাৰ চৌহদত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ।

২. সোমবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হ'ল আনলক-১। চৰকাৰী নিৰ্দেশনা মানি পথৰ এফালে খোল খালে ব্যৱসায়িক প্ৰতিষ্ঠান। আনহাতে, আনলকৰ প্ৰথম দিনাই মহানগৰৰ প্ৰতিখন বজাৰত দেখা গ'ল অভাৱনীয় ভিৰ।

৩. বানৰ সংহাৰৰ মাজতে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ভাৰত-ভূটান সীমান্তৰ বগামাটিত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু। আনহাতে বিশ্বনাথৰ বিহালীৰ বৰজাৰণিত বন্যহস্তীয়ে ভাঙিলে ৬টাকৈ বাসগৃহ।

৪. কাজিৰঙাত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী গৰাকীয়ে।

৫. সোমবাৰৰ পৰা গ্ৰাহক হিচাপে আপুনি লাভ কৰিব বিশেষ অধিকাৰ। কেন্দ্ৰই বলৱৎ কৰিছে উপভোক্তা অধিকাৰ সুৰক্ষা আইন ২০১৯। এতিয়াৰেপৰা কনজিউমাৰ ফ'ৰামত জনহিতকৰ আৱেদন দাখিল কৰিব পাৰিব সকলোৱে।

৬. বৃহস্পতিবাৰৰ পৰা যোৰহাটত আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া। বৃহস্পতিবাৰৰ পৰা যোৰহাটত পথৰ এফালেহে খুলিব পাৰিব দোকানসমূহ। যোৰহাট জিলা প্ৰশাসনৰ এই সিদ্ধান্ত।

৭. বৰপেটাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জিলাখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৮. ৰাজ্যত প্ৰায় ২৪ হাজাৰ হ'ল কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা। ৰাজভৱনক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ বিপৰীতে ৩ দিনলৈ নলবাৰী অসামৰিক চিকিৎসালয় বন্ধ ঘোষণা কৰা হৈছে প্ৰশাসনে।

৯. মহামাৰী কোৰোনাৰ সমান্তৰালকৈ বিটিচিত নিৰ্বাচনী কুচকাৱাজ। শক্তি প্ৰদৰ্শনত নামিছে প্ৰতিটো দল।

১০. আজি শাওনৰ প্ৰথমটো সোমবাৰ।  ভক্তি ৰসৰ নিজৰা বোৱাই আধ্যাত্মিক পৰিবেশৰ মাজেৰে আজিৰে পৰা ৰাজ্যৰ শিৱমন্দিৰসমূহত আৰম্ভ হৈছে শিৱ পূজা।

১১. পশ্চিমবংগত সোমবাৰে ২২৮২জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ৪৪৭৬৯জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১২. বিহাৰৰ বিভিন্ন প্ৰান্তত বানৰ তাণ্ডৱ। ৰাজ্যখনৰ দৰভংগা জিলাত বহু কেইখন গাঁও প্লাৱিত হৈছে বানত।

১৩.  জম্মু-কাশ্মীৰত সোমবাৰে ৭৫১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ইয়াৰে ২৪০জন জম্মু আৰু ৫১১জন কাশ্মীৰ ডিভিজনৰ।

১৪. মধ্যপ্ৰদেশত ২৩৩১০জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত সোমবাৰে ৭১০জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৫. ৰাজস্থানত সোমবাৰে ৯৫৬জন লোক আক্ৰান্ত হয় কোৰোনা ভাইৰাছত। ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্তৰ লোকৰ সংখ্যা ৩০৩৯০জনলৈ পাইছে বৃদ্ধি।

১৬. ২০২০ৰ টি-২০ বিশ্বকাপ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ আইচিচিৰ। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।

১৭.  সোমবাৰে কৰ্ণাটকত কোভিড-১৯ত আক্ৰান্ত ৩৬৪৮জন লোক। দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ৭২জন লোকে হেৰুৱাই প্ৰাণ।

১৮. উত্তৰাখণ্ডত ৪৬৪২জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত ইয়াৰে ১৩৩৮জন ৰোগী চিকিৎসাধীন হৈ আছে।

১৯. যোৱা ২৪ ঘন্টাত উত্তৰপ্ৰদেশত ১৯২৪জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৪৬জনৰ মৃত্যু।

২০. তেলেংগানাত সোমবাৰে আৰু ১১৯৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৪৬২৭৪জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২১.  ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

২২. হাৰিয়ানাত সোমবাৰে ৬৯৪জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২৬৮৫৮জনলৈ পাইছে বৃদ্ধি।

২৩. ছিকিমত ২১ জুলাইৰ পুৱা ৬ বজাৰ পৰা ২৭ জুলাইৰ পুৱা ৬ বজালৈ সম্পূৰ্ণ লকডাউন জাৰি কৰা হ'ব।- এই ঘোষণা ছিকিম চৰকাৰৰ।

২৪. সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৰাম নাথ কোবিন্দে। ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে তেওঁক।

২৫. গুজৰাটত যোৱা ২৪ ঘন্টাত ৯৯৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ২০জন লোকে হেৰুৱাই প্ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in